ETV Bharat / state

অ’এনজিচিৰ তিনি অভিযন্তাৰ অপহৰণত জড়িত এজনক গ্ৰেপ্তাৰ - one arrested in connection with the abduction case of three ongc engineer etv bharat news

অ’এনজিচিৰ তিনি অভিযন্তাৰ অপহৰণত আলফা (স্বা) ক বাইক যোগান ধৰাৰ অভিযোগত ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ ৷ আৰক্ষীৰ জিম্মাত আলফা (স্বা)ৰ 10 অভাৰ গ্ৰাউণ্ড বিদ্ৰোহী ৷

অ’এনজিচিৰ তিনি অভিযন্তাৰ অপহৰণত জড়িত এজনক গ্ৰেপ্তাৰ

author img

By

Published : Apr 25, 2021, 7:50 AM IST

ডিব্ৰুগড়,25 এপ্ৰিল: অ’এনজিচিৰ তিনি অভিযন্তাৰ অপহৰণৰ ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে এই অপহৰণৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে বাণীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তিগৰাকীৰ নাম হৈছে ধীৰাজ চেতিয়া ৷ এই অপহৰণ কাণ্ডটোত ব্যৱহৃত বাইক আলফা (স্বা) ক যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধীৰাজক । তদন্তৰ খাতিৰত ইতিমধ্যে শিৱসাগৰ আৰক্ষীক চমজাই দিয়া হৈছে ব্যক্তি গৰাকীক ।

ইফালে এই সমগ্ৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত জিলাখনৰ পৰা প্ৰায় ১০ জন আন অভাৰ গ্ৰাউণ্ড আলফা (স্বা)ৰ সদস্যক ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে ৷ আটক কৰা লোক কেইজনক বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে জিম্মাত লোৱা বুলি ডিব্ৰুগড় আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: অ’এনজিচিৰ তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.