ETV Bharat / state

নাহৰকটীয়াত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত মুকলি - নাহৰকটীয়াত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত মুকলি

নাহৰকটীয়াত মুকলি "মহকুমা ন্যায়িক দণ্ডাধীশ আৰু ন্যায়াধিকৰ্ত্তা/১ম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যালয়" ৷ দ্বোধনী অনুষ্ঠানত আদালতৰ দ্বাৰ মুকলি কৰে জিলাৰ মুখ্য ন্যায়িক বিচাৰপতি সুস্মিতা গগৈ খাউণ্ডে ।

Office of the sub-divisional judicial magistrate inaugurated at Naharkatiya
নাহৰকটীয়াত মহকুমা ন্যায়াধীশ দণ্ডাধীশৰ আদালত আৰু কাৰ্যালয় মুকলি
author img

By

Published : Nov 29, 2019, 8:47 PM IST

নাহৰকটীয়া,29 নৱেম্বৰঃ নাহৰকটীয়াবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ কাৰ্যকালত ২০১৬ চনৰ ১ জানুৱাৰীত নাহৰকটীয়াক মহকুমা হিচাপে ঘোষণা কৰিছিল। মহকুমা ঘোষণা হোৱাৰ ৩বছৰ পূৰ্ণ হোৱাৰ পিছত শুকুৰবাৰে নাহৰকটীয়াত মুকলি কৰা হয় "মহকুমা ন্যায়িক দণ্ডাধীশ আৰু ন্যায়াধিকৰ্ত্তা/ ১ম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যালয়"। উদ্বোধনী অনুষ্ঠানত আদালতৰ দ্বাৰ মুকলি কৰে জিলাৰ মুখ্য ন্যায়িক বিচাৰপতি সুস্মিতা গগৈ খাউণ্ডে। আদালতখনত নাহৰকটীয়া,নামৰূপ আৰু জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত হত্যাকাণ্ডৰ বাহিৰে বাকী সকলোধৰণৰ অপৰাধৰ গোচৰ বিচাৰ চলিব ৷ দুলীয়াজান আৰু টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত অপৰাধমূলক ঘটনাৰ বাদে সাধাৰণ গোচৰ সমূহৰো বিচাৰ চলিব ৷ নিজৰ ভাষণত ন্যায়াধীশ খাউণ্ডে নাহৰকটীয়াকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজৰ সময় আৰু অৰ্থ ৰাহি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷

নাহৰকটীয়াত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত মুকলি

উদ্বোধন পৰ্বত নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী,অধিবক্তা সন্থাৰ বিষয়ববীয়া,স্থানীয় পৌৰসভাৰ সভাপতি জগদীশ ৰাজকোঁৱৰকে আদি কৰি বহু চৰকাৰী বিষয়া তথা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

আৰু পঢ়ক শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

Intro:আদালত মুকলিৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল নাহৰকটীয়া বাসী।

নাহৰকটীয়া বাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ২০১৬ চনৰ ১ জানুৱাৰীত নাহৰকটীয়াক মহকুমা ঘোষণা কৰা হৈছিল। মহকুমা ঘোষণা হোৱাৰ ৩ বছৰ পুৰ্ণ হোৱাৰ পিছত আজি নাহৰকটীয়াত মুকলি কৰা হয় "মহকুমা ন্যায়িক দণ্ডাধীশ আৰু ন্যায়াধিকৰ্ত্তা/ ১ ম  শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যালয়" । আজি এই আদালতৰ দ্বাৰ মুকলি কৰে জিলাৰ মুখ্য ন্যায়িক বিচাৰপতি সুস্মিতা গগৈ খাউণ্ডে। ইয়াৰ পূৰ্বে এখন চমু সভাও অনুষ্ঠিত হয় ৷ আদালতখনে নাহৰকটীয়া, নামৰূপ আৰু জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত হত্যাকাণ্ডৰ বাহিৰে বাকী সকলোধৰণৰ অপৰাধৰ গোচৰ বিচাৰ চলিব ৷ দুলীয়াজান আৰু টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত অপৰাধমূলক ঘটনাৰ বাদে সাধাৰণ গোচৰ সমূহৰো বিচাৰ চলিব ৷নিজৰ ভাষণত ন্যায়াধীশ খাউণ্ডে নাহৰকটীয়াকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজৰ সময় আৰু অৰ্থ ৰাহি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷
উদ্বোধন পৰ্বত নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী, অধিবক্তা সন্থাৰ বিষয়ববীয়া , স্থানীয় পৌৰসভাৰ সভাপতি জগদীশ ৰাজকোঁৱৰকে আদি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷

Byte: 1/2Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.