ETV Bharat / state

খুমটাই চাহ বাগিচাত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য - কভিড-19

ডিব্ৰুগড়ত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে মৰাণৰ খুমটাই চাহ বাগিচাৰ এগৰাকীও এতিয়ালৈকে ক'ভিডত আক্ৰান্ত হোৱা নাই ৷ প্ৰতিদিনে চাহ বাগিচা খনত ১,৭০০ শ্ৰমিকে কাম কৰে যদিও কৰ্তৃপক্ষৰ সচেতনতাৰ বাবে আজিপৰ্যন্ত কোনো কৰ্মচাৰী আক্ৰান্ত হোৱা নাই ক'ভিডত ।

খুমটাই চাহ বাগিচাত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য
মৰাণৰ খুমটাই চাহ বাগিচাত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য
author img

By

Published : May 18, 2021, 9:41 AM IST

Updated : May 18, 2021, 11:09 AM IST

মৰাণ,18 মে': ডিব্ৰুগড় আৰু চৰাইদেউৰ বহু চাহ বাগিচাত বৰ্তমানৰ ক'ভিড পৰিস্থিতিয়ে এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ ইতিমধ্যে বন্ধ হৈ পৰিছে কেইবাখনো চাহ বাগিচাৰ সকলো কাম-কাজ ৷ বহু বাগিচাত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা ৷

এই সময়তে ব্যতিক্ৰমী ৰূপত দেখা গৈছে মৰাণৰ খুমটাই চাহ বাগিচা ৷ প্ৰতিদিনে চাহ বাগিচাখনত প্ৰায় ১,৭০০ শ্ৰমিকে কাম কৰে যদিও কৰ্তৃপক্ষৰ সচেতনতাৰ বাবে আজি পৰ্যন্ত কোনো কৰ্মচাৰী আক্ৰান্ত হোৱা নাই ক'ৰণাত ।

খুমটাই চাহ বাগিচাত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য

উল্লেখ্য যে, খুমটাই বাগিচাৰ পৰিচালকে জানিবলৈ দিয়া মতে বাগিচাখনৰ সকলো শ্ৰমিকক ক'ভিড প্ৰতিৰোধৰ সকলো নীতি-নিয়ম মানি চলিবলৈ বাধ্য কৰা হৈছে ৷ শ্ৰমিকসকলেও সকলো নীতি-নিয়ম মানি চলাৰ ফলত ক'ভিডৰ পৰা বাচি আছে মৰাণৰ খুমটাই চাহ বাগিচা ৷

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

Last Updated : May 18, 2021, 11:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.