ETV Bharat / state

বিচিপিএলত অসমীয়া যুৱকক প্ৰহাৰ বহিৰাগত লোকৰ - অনা অসমীয়া

বিচিপিএলৰ ডাটা চেণ্টাৰত কৰ্মৰত অৱস্থাত অসমীয়া যুৱকক প্ৰহাৰ কৰাৰ পিছতে বিচিপিএল কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ উঠে জিলা আছুসহ আন সংগঠনসমূহ ৷ উল্লেখ্য যে, দক্ষিণ ভাৰতৰ ৰাম প্ৰসাদ নামৰ এজন কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত দীপাংকৰ দাস নামৰ যুৱকজনক প্ৰহাৰ কৰে ৷ বিচিপিএল কৰ্তৃপক্ষই বিষয়টোৰ সন্দৰ্ভত তদন্ত চলি থকা বুলি সদৰি কৰে ।

বিচিপিএলত অসমীয়া যুৱকক প্ৰহাৰ বহিৰাগত লোকৰ

author img

By

Published : Jul 4, 2020, 8:31 PM IST

ডিব্ৰুগড়, 4 জুলাই : ডিব্ৰুগড়ৰ বিচিপিএলত বহিৰাগতৰ হাতত ধৰাশায়ী হ’ল এজন অসমীয়া যুৱক । কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে প্ৰহাৰ কৰে এজন অসমীয়া যুৱকক । দক্ষিণ ভাৰতৰ ৰাম প্ৰসাদ নামৰ এজন কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত দীপাংকৰ দাস নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷

বিচিপিএলত অসমীয়া যুৱকক প্ৰহাৰ বহিৰাগত লোকৰ
বিচিপিএলত অসমীয়া যুৱকক প্ৰহাৰ বহিৰাগত লোকৰ

উল্লেখ্য যে, বিচিপিএলৰ ডাটা চেণ্টাৰত নিশাৰ ভাগত কৰ্মৰত অৱস্থাত অসমীয়া যুৱকজনক প্ৰহাৰ কৰাৰ পিছতে বিচিপিএল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠে জিলা আছুকে ধৰি ছাত্র সংগঠনসমূহ । বিভিন্ন সময়ত অসমীয়া বিদ্বেষী মনোভাৱ গ্ৰহণ কৰি অহা বিচিপিএল কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰেই অনা অসমীয়া কৰ্মচাৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে আছুৱে ৷ অন্য়থা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি দিয়ে সংগঠনটোৱে ।

আনহাতে, বিচিপিএল কৰ্তৃপক্ষই ইতিমধ্যে এখন তদন্ত সমিতি গঠন কৰি বিষয়টোৰ সন্দৰ্ভত তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে । অসম চুক্তিৰ আধাৰত ডিব্ৰুগড়ৰ লেপেটকটাত স্থাপিত গেছ ক্ৰেকাৰ প্ৰকল্পত থলুৱাক নিযুক্তিৰ ক্ষেত্ৰতো বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে প্ৰকল্পটোত এজন অসমীয়া যুৱকক কৰ্মৰত অৱস্থাত প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : কৰ’ণাতংক : শিৱসাগৰত পুনৰ 4 জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.