ETV Bharat / state

ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰাৰ্থী-সমৰ্থকৰ ভিৰ - ডিব্ৰুগড়ত প্ৰাৰ্থীৰ বিপুল সমৰ্থকেৰে মনোনয়ন দাখিল

প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ।

ডিব্ৰুগড়ত প্ৰাৰ্থীৰ বিপুল সমৰ্থকেৰে মনোনয়ন দাখিল

author img

By

Published : Mar 9, 2021, 9:47 PM IST

ডিব্ৰুগড়,9 মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন ৷ অন্তিম দিনাও ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ।

এইবাৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত উজনিৰ নাহৰকটীয়া সমষ্টিৰ বাবে অগপ প্ৰাৰ্থী নৰেন সোণোৱালে বহু সংখ্যক দলীয় কৰ্মকৰ্তাৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰে । ডিব্ৰুগড় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজিত বৰগোঁহাই আৰু ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজকুমাৰ নীলনেত্ৰ নেওগে মনোনয়ন দাখিল কৰে । চাবুৱা সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজেপিৰ নেত্ৰী তথা জিলা পৰিষদৰ সদস্যা প্ৰিয়ংকা সন্দিকৈ নেওগে মনোনয়ন দাখিল কৰে । উল্লেখ্য যে, সমষ্টিটো অগপক এৰি দিয়াৰ বাবেই বিজেপি নেত্ৰীগৰাকীয়ে গেৰুৱা বসন ত্যাগ কৰি নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈ দলৰ কৰ্মকৰ্তাসকলৰ অনুৰোধ ৰক্ষা কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি মন্তব্য প্ৰদান কৰে ।

ডিব্ৰুগড়ত প্ৰাৰ্থীৰ বিপুল সমৰ্থকেৰে মনোনয়ন দাখিল

আনহাতে, চাবুৱা সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী পোণাকন বৰুৱা, চাবুৱা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী তথা শিল্পী অজয় ফুকন, লাহোৱাল বিধানসভা সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লিখন বৰুৱা, মৰাণ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মোহিনী মোহন লিগিৰা, টিংখাং সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শোভাকৰণ গোহাঞি, মৰাণ সমষ্টিৰ এজেপি প্ৰাৰ্থী সঞ্জীৱ চাংমাই, দুলীয়াজান সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ, মৰাণ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে চাহ জনগোষ্ঠীয় নেতা ৰাফেল কুজুৰ, নাহৰকটীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে মনোনয়ন দাখিল কৰে ।

ডিব্ৰুগড়ত মনোনয়ন দাখিল কৰাৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তৰংগ গগৈক সংগ দিয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ প্ৰায় দহ হাজাৰ কৰ্মী সমৰ্থকক লৈ বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিবলৈ আহিল বিজেপিৰ যুৱ নেতা তৰংগ গগৈ ।

লগতে পঢ়কঃ তিতাবৰত মনোনয়ন পত্ৰ দাখিল বিজেপি-কংগ্ৰেছ-অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.