ETV Bharat / state

ক্ষুদ্ৰ কাব্যপুথি লিখি বিশ্ব ৰেকৰ্ড গঢ়িলে ডিব্ৰুগড়ৰ নীপুৱে - Nipu from Dibrugarh Creats World Record

‘অসম বুক অৱ ৰেকৰ্ড’, ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’, ‘এছিয়া বুক অৱ ৰেকৰ্ড’ আৰু ‘ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ড’ ত নাম অন্তৰ্ভুক্তিৰে বিশ্ব অভিলেখ গঢ়িলে অসমৰ সন্তান নীপু বৰুৱাই (Nipu from Dibrugarh Creats World Record) ৷ পৃথিৱীৰ সবাতোকৈ সৰু কবিতা পুথি লিখি এই অভিলেখ গঢ়ে কানৈ মহাবিদ্যালয়ৰ ছাত্ৰগৰাকীয়ে ৷

world record
বিশ্ব অভিলেখ গঢ়িলে অসম সন্তানে
author img

By

Published : Dec 27, 2021, 1:37 PM IST

মৰাণ, 27 ডিচেম্বৰ : একবিংশ শতিকাৰ প্ৰজন্মই অসমীয়া ভাষাক লৈ গৌৰৱ কৰে ৷ বৰ্তমান ভাষাৰ সংকটত ভোগা অসমীয়া জাতিটোৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ আছিল ডিব্ৰুগড়ৰ নীপু বৰুৱাৰ ৷ সেই লক্ষ্যৰেই মাত্ৰ 24 ঘণ্টাৰ ভিতৰত লিখি উলিয়ালে 40 পৃষ্ঠা যুক্ত এখন কবিতা পুথি ৷

world record
চৰিটাকৈ ৰেকৰ্ডেৰে বিশ্ব অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ কলেজীয়া ছাত্ৰই

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰজনে জীৱনৰ ঘাত-প্ৰতিঘাতক লৈ ৰচনা কৰিলে ‘জীৱনৰ ৰং’ শীৰ্ষক কবিতা পুথিখন ৷ 13 টা কবিতা সন্নিৱিষ্ট পুথিখনৰ দৈৰ্ঘ 7.5 ছেণ্টিমিটাৰ আৰু প্ৰস্থ 5.5 ছেণ্টিমিটাৰ ৷

world record
নীপু বৰুৱাৰ পুঁথিখন ‘নীপু প্ৰকাশন’ ৰ দ্বাৰা ছপা আকাৰে প্ৰকাশ কৰা হৈছে

এই পুথিখন ‘নীপু প্ৰকাশন’ ৰ দ্বাৰা ছপা আকাৰে প্ৰকাশ কৰা হৈছে ৷ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ কবিতা পুথি জীৱনৰ ৰঙে প্ৰকাশৰ দিনাই ISBN (International Standard Book Number) নম্বৰ লাভ কৰে ৷ ছাত্ৰগৰাকীৰ এই কৃতিত্বত আনন্দ প্ৰকাশ কৰিছে কানৈ মহাবিদ্যালয় পৰিয়ালবৰ্গই ৷

লগতে পঢ়ক : Child Adventure Camp in Guwahati : মহানগৰীত ৩১ তম শিশু দুঃসাহসিক অভিযোজন শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.