ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাহৰকটীয়া আছুৰ প্ৰতিবাদ - NHK AASU PROTEST BURN PETROLEUM MINISTER

পথ অৱৰোধৰ লগতে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণিভূষণ চৌধুৰীৰ পুত্তলিকা ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাহৰকটীয়া আছুৰ প্ৰতিবাদ

author img

By

Published : Jun 26, 2020, 4:33 AM IST

নাহৰ কটীয়া, 26 জুনঃ পেট্ৰ'ল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ একেৰাহে অস্বাভাবিক ভাবে বৃদ্ধি পাই থকা খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিক কেন্দ্ৰকৰি বৃহস্পতিবাৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ ন্যাসৰ সন্মুখত সামজিক দূৰত্বৰ নিৰ্দেশনা পালন কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদ কাৰীসকলে তিনচুকীয়া অৰুণাচল সংযোগী মুখ্য পথ অৱৰোধ কৰে ৷

পথ অৱৰোধৰ লগতে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণিভূষণ চৌধুৰীৰ পুত্তলিকা ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাহৰকটীয়া আছুৰ প্ৰতিবাদ

অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ কাম নাই, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মূৰ্দাবাদ, ফণিভূষণ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে নাহৰকটীয়াৰ ৰাজপথ ৷

উল্লেখ্য যে, COVID-19 সংকটৰ সময়ত বাঢ়ি অহা অৰ্থনৈতিক বোজাৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অধিক হাৰত বৃদ্ধি কৰিছে পেট্ৰ'লিয়ামজাত ইন্ধনৰ কৰ ৷ যাৰ প্ৰভাৱ সৰ্বত্তে পৰিলক্ষিত হৈছে আৰু অত্যাধিক হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ৷ ইয়াৰ ফলত সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন পৰিছে ৷

লগতে পঢ়কঃ মুক্ত ভাৰতৰ অন্ধকাৰময় অধ্যায়ঃ জৰুৰীকালীন অৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.