ETV Bharat / state

Newly married woman murder case: বাসন্তী হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচীকাঠত ওলমোৱাৰ দাবীৰ পৰিয়ালৰ

author img

By

Published : Apr 9, 2023, 9:33 PM IST

বাসন্তী হত্যাকাণ্ডই কঁপাইছে দুলীয়াজান (Basanti Gowala Murder case)৷ অভিযুক্ত পিতা-পুত্ৰক ফাঁচীৰ দাবীত দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকৰ লগতে স্থানীয় দল সংগঠনে (Locals protest to hang accused) ৷

Newly married woman murder case
বাসন্তী হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচীকাঠত ওলমোৱাৰ দাবীৰ পৰিয়ালৰ

মৰাণ, 9 এপ্ৰিল: ৰাজ্যত ইটোৰ পিচত সিটো হত্যাকাণ্ড ৷ এতিয়া যেন সুলভ হৈ পৰিছে মৃত্যু ৷ প্ৰতিদিনে হত্যাৰ বাতৰিয়ে সংবামধ্যমৰ শিৰোনাম দখল কৰাটো একপ্ৰকাৰে সাধাৰণ কথাৰ দৰে হৈ পৰিছে (Crime case increase in Assam) ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজনত এগৰাকী ন-বোৱাৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে (Newly married woman murder case) ৷ দেওবাৰে দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক, দল-সংগঠনে (Locals protest to hang accused) ৷

উল্লেখ্য যে, তিনিমাহৰ পূৰ্বে দুলীয়াজানৰ পুৰণি ডিৰিয়াল চাহ বাগিচাৰ বাসন্তী গোৱালা নামৰ যুৱতীগৰাকী দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাৰ নতুন লাইনৰ ৰাজীৱ গোৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল (Basanti Gowala Murder case) । 8 এপ্ৰিল তথা শনিবাৰে নিশা স্বামীগৃহৰ শৌচাগাৰত ন-বোৱাৰীগৰাকীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল ৷ তাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Murder case at Diriyal Tea Estate)৷

ইফালে এই বাতৰি চৌদিশে বনজুইৰ দৰে বিয়পি পৰাৰ পিচতে নিহত ন-ৱোৰাৰীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে অভিযুক্ত স্বামী ৰাজীৱ গোৱালা আৰু তেওঁৰ পিতৃ পুস্তম গোৱালাৰ বাসগৃহ ঘেৰাও কৰে ৷ উত্তেজিত ৰাইজে পিতৃ-পুত্ৰক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ ৰোষৰ পৰা দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে মৃত বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে । ইফালে ঘটনা সৰ্ন্দভত নিহত বোৱাৰী গৰাকীৰ পৰিয়ালে দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ পিচতে ধৃত পিতৃ আৰু পুত্ৰক বোৱাৰী হত্যা কৰা গোচৰৰ ভিত্তিত ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে (Accused arrested by police) ।

লগতে পঢ়ক: Domestic violence : পুত্ৰ সন্তান জন্ম নিদিয়াৰ বাবে পত্নীক তালিবানী শাস্তি অধিবক্তা স্বামীৰ

ইফালে মৃত বোৱাৰীগৰাকীৰ পৰিয়ালে কয়, ‘‘আমি দুটো অভিযুক্তক কঠোৰা শাস্তি বিহাই নহয়, ফাঁচী কাঠত ওলমাবলৈ দাবী উত্থাপন কৰিছো ৷ পিতা-পুত্ৰক আৰক্ষীয়ে এৰি দিলেও আমি শুদাই নেৰোঁ ৷’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.