ETV Bharat / state

মৰাণ সমষ্টিৰ প্ৰাৰ্থীত্বৰ দৌৰত কোন কোন ? - মৰাণ সমষ্টি

শাসকীয় দলৰ বিধায়ক চক্ৰধৰ গগৈৰ টিকত অনিশ্চিত বুলি চৰ্চা চলা সময়তে মৰাণ সমষ্টিটোত উচ্চাৰিত হৈছে বিজেপিৰ বহুকেইগৰাকী প্ৰাৰ্থীত্ব প্ৰয়াসীৰ নাম ৷ ইয়াৰ ভিতৰত আছে ড° দয়ানন্দ বৰগোঁহাই, প্ৰশান্ত গগৈ, সুভাষ দত্ত, অসীম হাজৰিকা, অদ্যুৎ ফুকন আৰু পৰাগ দত্ত ।

New bjp leaders wants bjp ticket
মৰাণ সমষ্টিৰ প্ৰাৰ্থীত্বৰ গৌৰত কোন কোন ?
author img

By

Published : Mar 4, 2021, 5:59 PM IST

মৰাণ, 4 মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনে এতিয়া ৰাজ্যৰ ৰাজনৈতিক চাহকাপৰ সোৱাদ বঢ়াই তুলিছে ৷ কোন দলে কত কোন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব সেই লৈ চলিছে গুণাগথা ৷ নিজৰ নিজৰ প্ৰতিশ্ৰুতি তথা পৰিকল্পনাৰে সমষ্টিবাসীৰ সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছে সম্ভাব্য প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৷

বাদ পৰি ৰোৱা নাই উজনি অসমৰ মৰাণ সমষ্টিও । বিভিন্ন মাধ্যমত শাসকীয় দলৰ বিধায়ক চক্ৰধৰ গগৈৰ টিকত অনিশ্চিত বুলি চৰ্চা চলা সময়তে সমষ্টিটোত উচ্চাৰিত হৈছে বিজেপিৰ বহুকেইগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম ৷ ইয়াৰ ভিতৰত আছে ড° দয়ানন্দ বৰগোঁহাই, প্ৰশান্ত গগৈ, সুভাষ দত্ত, অসীম হাজৰিকা, অদ্যুৎ ফুকন আৰু পৰাগ দত্ত ।

মৰাণ সমষ্টিৰ প্ৰাৰ্থীত্বৰ গৌৰত কোন কোন ?

প্ৰতিগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে দলৰ ভেঁটি মজবুত কৰাৰ সমান্তৰালকৈ টিকত পোৱাৰ আশাৰে সমষ্টিত চলাই গৈছে বিভিন্ন ৰাজহুৱা কাৰ্যসূচী ৷ উল্লেখ্য যে, সমষ্টিটোৰ এগৰাকী জেষ্ঠ বিজেপিৰ নেতা হৈছে অসীম হাজৰিকা ৷ একেধৰণে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ তথা বিজেপিৰ জেষ্ঠ নেতা ড° দয়ানন্দ বৰগোঁ‌হাইও এৰি দিয়া নাই প্ৰাৰ্থীত্বৰ দৌৰ ৷

সমষ্টিত বিজেপিৰ নেতা সুভাষ দত্তক জনসাধাৰণে থাওকতে বিচাৰি নাপালেও এই গৰাকী নেতাৰ প্ৰতি হাইকামাণ্ডৰ সূক্ষ্মদৃষ্টি থকা বুলি চলিছে চৰ্চা ৷ একেধৰণে প্ৰাৰ্থীত্ব দৌৰৰ পৰা পিচ পৰি ৰোৱা নাই দলৰ ভেঁটি সূদৃঢ় কৰাত আগভাগ লোৱা অদ্যুৎ ফুকন আৰু পৰাগ দত্তৰ নামও ৷ এনে সময়ত সমষ্টিৰ বাসীয়ে অপেক্ষা কৰিছে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশলৈ ৷ বিজেপিৰ স্ক্ৰীনিং কমিতিৰ নাম তালিকাত এতিয়া কাৰ নাম অন্তভূক্ত হয় সেয়া হব লক্ষণীয় ৷

লগতে পঢ়ক:প'ষ্টেল বেলটঃ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.