ETV Bharat / state

বিভিন্ন কাৰ্যসূচীৰে ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন - অধ্যাপক চন্দ্ৰন শৰ্মা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন কাৰ্যসূচীৰে ডিব্ৰুগড়তো সাংবাদিকসকলে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ জ্যেষ্ঠ লেখক, সাংবাদিক শিৱাজী পুৰকায়স্থক নিজা বাসভৱনত সম্বৰ্ধনা জনোৱা হয় ।

National press day
বিভিন্ন কাৰ্যসূচীৰে ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 6:56 PM IST

বিভিন্ন কাৰ্যসূচীৰে ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

মৰাণ, 16 নৱেম্বৰ : আজি দেশজুৰি উদয়াপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন কাৰ্যসূচীৰে ডিব্ৰুগড়তো সাংবাদিকসকলে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, বিত্ত সম্পাদক শৈলেশ জৈন, লাহোৱাল প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দিবাকৰ দত্ত, কাৰ্যালয় সম্পাদক সন্তোষ যাদৱ, ডেভিড বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইফালে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ জ্যেষ্ঠ লেখক, সাংবাদিক শিৱাজী পুৰকায়স্থক নিজা বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বাবে সাংবাদিক গৰাকীক নিজা বাসভৱনতেই প্ৰেছ ক্লাবৰ ফালৰ পৰা ফুলাম গামোচা, চেলেং-চাদৰ, ফুলাম জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

আনহাতে ইয়াৰ সমান্তৰালকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এই অনুষ্ঠানত "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম" ৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত আলোচক হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক চন্দ্ৰন শৰ্মাই এই বিষয়ত আলোচনা আগবঢ়াই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, মঞ্জিত বৰা, অনিল পোদ্দাৰৰ লগতে বিশিষ্ট ব্যক্তি আৰু জিলা বিভিন্ন প্ৰান্তৰৰ সাংবাদিকসকল ।

লগতে পঢ়ক: Amrit kaal vimarsh: অসম ডনবস্ক' বিশ্ববিদ্যালয়ত অমৃত কাল বিমৰ্শ শীৰ্ষক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.