ETV Bharat / state

অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত চৰাইদেউৰ নামতোলা !

author img

By

Published : Jul 21, 2021, 10:33 PM IST

ভাং, ড্ৰাগছ তথা অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে অসম-নাগালেণ্ড (ASSAM- NAGALAND) সীমান্তৰ চৰাইদেউৰ নামতোলা ৷ অসামাজিক কাৰ্যকলাপৰ ঘাটি এতিয়াও সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাই নামতোলা আৰক্ষী ৷

অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত চৰাইদেউৰ নামতোলা

মৰাণ,21 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনে অসম আৰক্ষী(ASSAM POLICE)এ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী ৷ উৎখাত কৰিবলৈ সক্ষম হৈছে বহু ড্ৰাগছৰ ঘাটি ৷ তাৰ মাজতে পোহৰলৈ আহিছে অসম-নাগালেণ্ড (ASSAM- NAGALAND) সীমান্তৰ নামতোলাত দিনক দিনে সংঘটিত হৈ অহা অসামাজিক কাৰ্যকলাপৰ লগতে মদ, ভাং তথা ড্ৰাগছৰ অবৈধ ব্যৱসায় ।

চৰাইদেউ জিলাৰ আৰক্ষী (POLICE) প্ৰশাসনে নামতোলা আৰক্ষীৰ সহযোগত মাজে সময়ে এই অঞ্চলত অসামাজিক কাৰ্যকলাপৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ লগতে অসাধু চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই । বিশেষকৈ অঞ্চলটোৰ কিছু গোপন পথেদি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত যোগাযোগ ৰাখি অনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিছে একাংশ দুষ্ট চক্ৰই । মন কৰিবলগীয়া যে, সীমান্তৱৰ্তী নামতোলাস্থিত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া মদ, ভাং তথা ড্ৰাগছৰ অবৈধ ঘাটিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

আনহাতে ব্যৱসায়ৰ অচিলাৰে নামতোলাৰ একাংশ ব্যৱসায়ীয়ে আচলতে নামতোলাত অবৈধ ব্যৱসায়ৰ জৰিয়তে মুনাফা অৰ্জন কৰা বুলিও সম্প্ৰতি অভিযোগ উত্থাপন হৈছে । যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (HIMNTA BISWA SARMA) ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীলতা অৱলম্বন কৰিবলৈ ৰাজ্যৰ আৰক্ষী বিভাগক আহ্বান জনাইছে সেই সময়ত চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

লগতে পঢ়কঃ বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.