নাহৰকটীয়া, 29 আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) বাতিলৰ দাবীত শনিবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নামৰূপ সোনাৰী তিনিআলিৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী বাইক ৰেলীয়ে নামৰূপৰ কেইবাখনো গ্ৰামাঞ্চল আৰু নগৰাঞ্চল স্পৰ্শ কৰি যায় ৷
ৰেলীত নামৰূপ আছুৰ লগতে নামৰূপ অঞ্চলৰ শতাধিক ছাত্ৰ তথা স্থানীয় যুৱকে অংশগ্ৰহণ কৰি "কা আমি নামানো", "কা বাতিল কৰক" আৰু বিজেপি চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : 'BLACK PANTHER'ৰ অভিনেতা ছাডৱিক ব'ছমেনৰ অকাল বিয়োগ