নাহৰকটীয়া, 10 মাৰ্চঃ পৰম্পৰাগত ঔষধেৰে চিকিৎসা সেৱা আগবঢ়োৱা এগৰাকী লোক গঢ়ি তুলিছে 200 ৰো অধিক ঔষধি গছৰ এখন বাগিছা ৷ পৰম্পৰাগত ঔষধেৰে চিকিৎসা সেৱা আগবঢ়োৱা এইগৰাকী লোকৰ নাম হ'ল আই কেন জিং চাখাপ ৷ নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত নামফাকে গাঁৱৰ ৪৭ বছৰীয়া টাই জনগোষ্ঠীয় এই লোকজন পৰিপুষ্ট পৰম্পৰাগত বনৌষধি জ্ঞানেৰে ৷ সৰু কালতেই তেওঁৰ সন্ধানী মনটোৱে বিচাৰি পাইছিল এই বনৌষধি জ্ঞান ৷ তেওঁৰ আইতাক আৰু খুড়াক আছিল পৰম্পৰাগত ঔষধি প্ৰস্তুতিত নিপুন ব্যক্তি ৷ সৰু কালৰে পৰা আইতাক আৰু খুড়াকক তেওঁ যোগাৰ দিছিল ঔষধি গছ,লতিকা,শিপা ইত্যাদি ৷ সেয়াই আছিল তেওঁৰ চিকিৎসা সেৱাৰ আৰম্ভণি ৷ পৰৱৰ্তী সময়ত তেওঁ নিজেও জড়িত হৈ পৰিল আইতাক খুড়াকৰ পৰম্পৰাগত ঔষধি জ্ঞানৰ অনুশীলনত ৷
উল্লেখ্য যে,গাঁওখনত অৱস্থিত বৌদ্ধ বিহাৰলৈ তাহানিতে চীন দেশ, ব্ৰহ্মদেশ আদিৰ পৰা অহা ভিক্ষু সকলেও ৰোপণ কৰি গৈছিল নানাধৰণৰ ঔষধি উদ্ভিদ ৷ যি বৰ্তমানেও সংৰক্ষিত হৈ আছে আই কেন জিং চাখাপৰ প্ৰচেষ্টাত ৷ তেনে এবিধ চীনদেশীয় হালধিৰে তেওঁ ইতিমধ্যে প্ৰস্তুত কৰিছে জণ্ডিচ আৰু গেষ্ট্ৰিক ৰোগৰ প্ৰতিষেধক ৷ কেৱল ইমানেই নহয় তেওঁ জানিবলৈ দিয়া অনুসৰি মধুমেহ ৰূগৰ প্ৰতিষেধক হিচাপেও ব্যৱহাৰ কৰিব পৰা যায় এই হালধি বিধৰ ৰস ৷ জানিব পৰা মতে,চাখাপৰ চিকিৎসাত গাঁওখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰহ বহু লোকো উপকৃত হৈছে ৷ ইতিমধ্যে তেওঁৰ এই কীৰ্তিৰ সম্ভেদ পাইছে বহিঃৰাষ্ট্ৰয়ো ৷ ম্যানমাৰ,থাইলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ গৱেষকে আহি ইতিমধ্যে পৰিদৰ্শন কৰিছে তেওঁৰ ঔষধি বাগিছাখন ৷ যোৰহাট আঞ্চলিক গৱেষণাগাৰ,অসম আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলো আহিছে তেওঁৰ বাগিছাখনলৈ ৷
আনহাতে তেওঁৰ বাগিছাত থকা কানখাউ নামৰ উদ্ভিদৰ পাতৰ পৰা কৰ্কট ৰোগৰ উপশম সম্ভৱ বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ইতিমধ্যে অৰুণাচলৰ নামচাইৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে এই ঔষধ সেৱন কৰি যথেষ্টখিনি আৰোগ্যও হৈছে ৷ শেহতীয়াকৈ তেওঁ নিজৰ বাগিছাত থকা ঔষধি উদ্ভিদ সমূহৰ অসমীয়া নাম আৰু ব্যৱহাৰৰ বিধিসমূহ লিখি উলিয়াইছে ৷ এই সমূহ কিতাপ আকাৰত প্ৰকাশ কৰিছে টাইফাকে গাৱঁৰ বিশিষ্ট নিবন্ধকাৰ প্ৰেইমথি গোঁহাইয়ে ৷ অসমৰ ভবিষ্যত প্ৰজন্মই প্ৰণালীবদ্ধ চৰ্চা কৰিব পৰাকৈ কোনো ধৰণৰ চৰকাৰী বেচৰকাৰী সুবিধা সহযোগিতা নোহোৱাকৈ লোকজনে যি কষ্ট আৰু ব্যয়ৰ বিনিময়ত এনে এক অমূল্য কাম সম্পন্ন কৰি তুলিছে সেয়া এক প্ৰশংসনীয় পদক্ষেপ ৷
লগতে পঢ়কঃ আমগুৰিৰ শ্ৰীশ্ৰী ৰতনপুৰ সত্ৰত ত্ৰি-বাৰ্ষিক দৌল মহোৎসৱ