নাহৰকটীয়া, 1 আগষ্ট : নাহৰকটীয়া আৰক্ষীৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ শুকুৰবাৰে সন্ধিয়া নাহৰকটীয়া আৰক্ষীৰ চকীৰ তহলদাৰী দলে এক অভিযান চলাই ডেইলী বজাৰস্থিত এটা বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত নাহৰকটীয়া ডেইলী বজাৰৰ ৰঞ্জিৎ চলিহাৰ বাসগৃহত মজুত কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰে এশ তাতকৈও অধিক অবৈধ সুৰাৰ বটল ৷ ইফালে আৰক্ষীৰ দল দেখি পলায়ন কৰে ঘৰৰ গৰাকী ৰঞ্জিৎ চলিহা ৷
উল্লেখ্য যে, এটা পষেক পূৰ্বে নাহৰকটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াই উপপৰিদৰ্শক চিৰঞ্জীৱ তেৰাঙৰ নেতৃত্বত আৰক্ষী আৰু পুলিছ বেটেলিয়ানৰ এটা দল গঠন কৰি মটৰ চাইকেলৰে গাৱে-ভূঞে চহৰে-নগৰে তহলৰ ব্যৱস্থা কৰিছিল ৷ আৰক্ষীৰ এই কৰ্তব্য পৰায়ণতাত নাহৰকটীয়াবাসী ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হোৱাৰ লগতে সৰ্বসাধাৰণৰ মাজত আৰক্ষীৰ বিশ্বাসযোগ্যতাও বৃদ্ধি পাইছিল ৷ যাৰ পৰিপ্ৰেক্ষিততে স্থানীয় ৰাইজে সৰু-বৰ প্ৰতিটো খবৰে বিনা দ্বিধাই আৰক্ষীক অৱগত কৰিছিল ৷ শুকুৰবাৰে নাহৰকটীয়া আৰক্ষীৰ এই সফলতা তাৰেই ফলস্বৰূপ বুলি সচেতন মহলে দাবী কৰে ৷
লগতে চাওক-ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !