ডিব্ৰুগড় , 6 মাৰ্চঃ নাহৰকটীয়া আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৃহস্পতিবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে পলাতক অপৰাধী তপন হাজৰিকাক ৷ ছাই টেলিকম প্ৰতিষ্ঠানৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল তপন হাজৰিকা ৷ নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান । নাহৰকটীয়া থানাৰ ২৪/২০ গোচৰত অভিযুক্ত আছিল পলাতক লোকজন ৷ নাহৰকটীয়া আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক ৷

লগতে পঢ়কঃ শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত হোলীৰ ব্যাপক প্ৰস্তুতি