ETV Bharat / state

মাইক্ৰ'ফাইনেন্স সম্বন্ধীয় গোচৰক লৈ উত্তাল নাহৰকটীয়া থানাৰ চৌহদ - MICRO FINANCE CASE

মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত ঋণগ্ৰস্ত সকলৰ বিক্ষোঙ চলি থকাৰ মাজতেই এইবাৰ তেনে প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বিৰুদ্ধে মহিলাই উত্থাপন কৰিছে নিৰ্যাতনৰ অভিযোগ ৷ আৰু এনে অভিযোগকলৈ শুক্ৰবাৰে বিয়লি উত্তাল হৈ পৰে নাহৰকটীয়া আৰক্ষী থানাৰ চৌহদ ৷

NAHARKATIA Controversial  MICRO FINANCE CASE
মাইক্ৰ'ফাইনেন্স সম্বন্ধীয় গোচৰক লৈ উত্তাল নাহৰকটীয়া থানাৰ চৌহদ
author img

By

Published : Feb 16, 2020, 4:44 AM IST

নাহৰকটীয়া,16 ফেব্ৰুৱাৰী: মাইক্ৰ'ফাইনেন্স প্ৰতিস্থান বন্ধন বেংকৰ ঋণৰ কিস্তি সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে চাচনী বন্ধন বেংক প্ৰতিষ্ঠানৰ জনৈক গগৈ উপাধিৰ এজন কৰ্মচাৰীয়ে চাচনী শুকানী অঞ্চলৰ পলি গগৈ নামৰ এগৰাকী মহিলাক মানসিক নিৰ্যাতনৰ ওপৰিও মহিলা গৰাকীয়ে পৰিধান কৰি থকা কাপোৰ ফালি পেলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰি শুক্ৰবাৰে বিয়লি নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক মহিলাৰ সৈতে নাহৰকটীয়া আৰক্ষী চকীত উপস্থিত হৈ ৰুজু কৰিছিল এক গোচৰ ৷ কিন্তু সেই গোচৰক কেন্দ্ৰ কৰিয়ে শণিবাৰে পুনৰ উত্তাল হয় নাহৰকটীয়া থানাৰ চৌহদ ৷

মাইক্ৰ'ফাইনেন্স সম্বন্ধীয় গোচৰক লৈ উত্তাল নাহৰকটীয়া থানাৰ চৌহদ
উল্লেখ্য যে বন্ধন বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ অনা পলি গগৈৰ বিৰুদ্ধে শণিবাৰে নাহৰকটীয়া থানা চৌহদত সমবেত হ'ল চাচনী অঞ্চলৰ প্ৰায় শতাধিক মহিলা ৷ আনহাতে একেটা গোটৰে বাৰ গৰাকীকৈ মহিলাই পলি গগৈয়ে অনা অভিযোগ মিছা আৰু ভিত্তিহীন বুলি উল্লেখ কৰে ৷ আৰু লগতে কয় যে মিটিংখনত পলি গগৈৰ সৈতে তেওঁলোক বাৰ গৰাকীকৈ মহিলা উপস্থিত আছিলে পলি গগৈয়ে ঋণৰ কিস্তি দিব নোৱাৰো বুলি কোৱাৰ লগতে বাকী মহিলা সকলকো ঋণৰ কিস্তি উভতাবলৈ বাধা দিয়ে ৷ কিন্তু গোটতোৰ অন্যান্য সদস্যা সকলে সেই কথা মানি নোলোৱাত পলি গগৈয়ে বেংকৰ তথ্য মজুত থকা ৰেজিষ্টাৰ বহিখন কাঢ়ি লৈ যাব লওতে বাধা দিয়াৰ বাবেই বন্ধন বেংক প্ৰতিষ্ঠানৰ কৰ্মচাৰী জনৰ লগতে মিটিং অনুস্থিত হোৱা গৃহস্থৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে চাচনীৰ মহিলাসকলে ৷

ইফালে ঘটনাসংক্ৰান্তত বন্ধন বেংকৰ কৰ্মচাৰী জনৰ ওপৰিও পলি গগৈ জড়িত থকা পদ্মা গোটৰ অন্যান্য বাৰ গৰাকীকৈ মহিলাই অভিযোগৰ প্ৰতি অভিযোগ দি গোচৰ দাখিল কৰাত নাহৰকটীয়া থানাই এটা গোচৰ ৰুজো কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক:ছাত্ৰ আত্মহত্যাক লৈ উত্তপ্ত নগাঁও, এক প্ৰতিবেদন......

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.