ডিব্ৰুগড়, 22 ডিচেম্বৰঃ দেওবাৰে ছচিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই নগাঁও কলেজৰ এজন ছাত্ৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে ৷ লাহোৱাল পলিটেকনিকৰ এগৰাকী ছাত্ৰী আৰক্ষীৰ প্ৰহাৰত ছহিদ হোৱা বুলি ফেচবুকত ভুৱা প্ৰচাৰ চলাইছিল অভিযুক্ত ছাত্ৰ জনে ৷ আটকাধীন যুৱক জন পৰশ মণি দাস বুলি জানিব পৰা গৈছে ৷
ডিব্ৰুগড় আৰক্ষীৰ জালত নগাঁও কলেজৰ ছাত্ৰ উল্লেখ্য যে, 11 ডিচেম্বৰত লাহোৱাল থানাৰ অন্তৰ্গত বকুলত CAA বিৰোধী প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা লাঠিচালনাত স্বেতা ঠাকুৰীয়া নামৰ এজনী ছাত্ৰী সামান্য আহত হৈছিল । অভিযোগ অনুসৰি ইয়াৰ পাচতে অভিযুক্ত ছাত্ৰ জনে ফেচবুকত ছাত্ৰী গৰাকীৰ ফটো দি প্ৰথম ছহিদ বুলি অপপ্ৰচাৰ চলাই । ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰি নগাঁৱৰ পৰা অভিযুক্ত ছাত্ৰ জনক গ্ৰেপ্তাৰ কৰে । ইফালে ডিব্ৰুগড়ত বিগত দিনত সংশোধিত নাগৰিকত্ব আইন খনৰ বিৰোধিতাৰ প্ৰতিবাদকাৰী হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে 52 জন লোকক গ্ৰেপ্তাৰ কৰিছে।লগতে পঢ়ক - কিমান শীঘ্ৰে ভুক্তভোগীয়ে পায় ন্যায় ?