ETV Bharat / state

মৰাণত লায়ন মুংগীলাল আগৰৱালা সোঁৱৰণী ৰাজহুৱা পুথিভঁৰালৰ দুৱাৰ মুকলি

author img

By

Published : Jun 15, 2022, 1:36 PM IST

জ্ঞানৰ সমান পবিত্ৰ বস্তু পৃথিৱীত একো নাই ৷ মৰাণত ৰাজহুৱা পুথি ভঁৰালৰ দুৱাৰ মুকলি কৰি এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ । মৰাণৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মুংগীলাল আগৰৱালাৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ সহযোগত মৰাণত এই ৰাজহুৱা পুথি ভঁৰাল নিৰ্মাণ কৰা হৈছে ।

moran
মৰাণত লায়ন মুংগীলাল আগৰৱালা  সোঁৱৰণী ৰাজহুৱা পুথিভঁৰালৰ দুৱাৰ মুকলি

মৰাণ,১৫ জুন: এখন সমাজ সুস্থ কৰি ৰখাত পুথিভঁৰালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দ্ৰুত সম্পসাৰণৰ সময়ত নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সোমবাৰে মৰাণ নগৰত এটা ৰাজহুৱা পুথিভঁৰালৰ দুৱাৰ মুকলি কৰা হয় (Library inaugurated at Moran) । এই ৰাজহুৱা পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই ।

মন্ত্ৰীগৰাকীয়ে পুথিভঁৰাল শুভ উদ্বোধন কৰি কয় যে, জ্ঞানৰ সমান পবিত্ৰ বস্তু এই পৃথিৱীত একো নাই (Nothing In This World That Is As Sacred As Knowledge) । পুথিভঁৰালৰ নিচিনা সম্পদে এই জ্ঞান দিব পাৰিব । এই অনুষ্ঠানটো দিপালী দত্ত শইকীয়াই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভ উদ্বোধন কৰা হয় ।

উল্লেখ্য় যে, মৰাণৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখন লায়ন মুংগীলাল আগৰৱালা সোঁৱৰণী পুথিভঁৰালৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ।

পৰিচালনা সমিতিৰ সভাপতি শোভিত কুমাৰ ছেত্ৰীয়ে সভাপতিত্ব কৰা সভাখনত সমিতিৰ সম্পাদক সঞ্জীৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে । এই সভাখনত বিশিষ্ট অতিথি হিচাপে ভাষণ দি মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে, আজি মৰাণবাসীৰ কাৰণে এটি শুভ দিন । উক্ত পুথি ভঁৰালৰ দুৱাৰ মুকলি অনুষ্ঠানৰ সভাতে ভাৰতীয় সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্যৰূপে মনোনীত মৰাণৰ ড° অনিল শইকীয়া, মৰাণ অঞ্চলৰ সৰ্বাধিক গ্ৰন্থ প্ৰণেতা, সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰা আৰু সাহিত্যিক ইলা বৰগোহাঁইক গামোচা, শৰাই, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

স্মৰ্তব্য যে, মৰাণৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মুংগীলাল আগৰৱালাৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ সহযোগত মৰাণত এই ৰাজহুৱা পুথি ভঁৰাল নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক: স্বাস্থ্য বিভাগৰ নিযুক্তি: জিলাই জিলাই পৰীক্ষাকেন্দ্ৰ স্থাপনৰ দাবী বিৰোধী দলপতিৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.