নামৰূপ, 16 আগষ্ট : সাংসদ ৰামেশ্বৰ তেলীৰ তত্বাৱধানত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াক সাক্ষাৎ কৰে সাৰকাৰখানাৰ শ্ৰমিক ইউনিয়নে । কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোট কেইটাৰ আয়ুস কাল ইতিমধ্যে উকলি যোৱাত গোট কেইটা মেৰামতি আৰু চতুৰ্থটো গোট স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক দাবী জনায় শ্ৰমিক ইউনিয়নে । অচিৰেই সাৰকাৰ খানাটোৰ চতুৰ্থ গোট স্থাপন নকৰিলে অচলাৱস্থাৰ সৃষ্টি হ’ব সাৰ উদ্যোগটোত ৷ সাৰকাৰখানাটোৰ 1 নম্বৰ গোট বন্ধ হৈ যোৱাৰ পিছৰে পৰা দ্বিতীয় আৰু তৃতীয় গোটটোৱে বছৰি 3 লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰিছিল ৷ কিন্তু চলিত বৰ্ষৰ মে’ মাহৰ পৰা কাৰিকৰী বিজুতিৰ বাবে বন্ধ হৈ আছে দ্বিতীয়টো গোট । সিফালে এতিয়া একমাত্ৰ তৃতীয় গোটটোৱে দৈনিক মাত্ৰ 600 ৰ পৰা 700 মেট্ৰিকটন সাৰ উৎপাদন কৰি দৈনিক মাত্ৰ 6 কোটি টকাহে উপাৰ্জন কৰিবলৈ সামৰ্থ হৈছে । যাৰ বাবে বৰ্তমান সময়ত চতুৰ্থ গোট নিমাৰ্ণ কৰাটো অধিক প্ৰয়োজন হৈ পৰিছে ৷ ৰামেশ্বৰ তেলীৰ তত্বাৱধান কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত এক সংবাদ মেল যোগে বুধবাৰে জানিবলৈ দিয়ে যে, সোনকালেই কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপ সাৰ কাৰখানালৈ অহাৰ লগতে অনাগত 10 দিনৰ ভিতৰত সাৰকাৰখানাৰ গোট দুটাৰ মেৰামতিৰ বাবে পূৰ্বতে ঘোষণা কৰা 100 কোটি টকা মুকলি কৰি দিয়াৰ আশ্বাস দিয়ে৷
10 দিনৰ ভিতৰত নামৰূপ সাৰ কাৰখানালৈ মুললি কৰি দিয়া হ'ব 100 কোটি
সাংসদ ৰামেশ্বৰ তেলীৰ তত্বাৱধানত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াক সাক্ষাৎ ৷ চতুৰ্থ গোট স্থাপন নকৰিলে অচলাৱস্থাৰ সৃষ্টি হ’ব সাৰ উদ্যোগটোত ৷ 10 দিনৰ ভিতৰত সাৰকাৰখানাৰ গোট দুটাৰ মেৰামতিৰ বাবে পূৰ্বতে ঘোষণা কৰা 100 কোটি টকা মুকলি কৰি দিয়াৰ আশ্বাস ৷
নামৰূপ, 16 আগষ্ট : সাংসদ ৰামেশ্বৰ তেলীৰ তত্বাৱধানত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াক সাক্ষাৎ কৰে সাৰকাৰখানাৰ শ্ৰমিক ইউনিয়নে । কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোট কেইটাৰ আয়ুস কাল ইতিমধ্যে উকলি যোৱাত গোট কেইটা মেৰামতি আৰু চতুৰ্থটো গোট স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক দাবী জনায় শ্ৰমিক ইউনিয়নে । অচিৰেই সাৰকাৰ খানাটোৰ চতুৰ্থ গোট স্থাপন নকৰিলে অচলাৱস্থাৰ সৃষ্টি হ’ব সাৰ উদ্যোগটোত ৷ সাৰকাৰখানাটোৰ 1 নম্বৰ গোট বন্ধ হৈ যোৱাৰ পিছৰে পৰা দ্বিতীয় আৰু তৃতীয় গোটটোৱে বছৰি 3 লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰিছিল ৷ কিন্তু চলিত বৰ্ষৰ মে’ মাহৰ পৰা কাৰিকৰী বিজুতিৰ বাবে বন্ধ হৈ আছে দ্বিতীয়টো গোট । সিফালে এতিয়া একমাত্ৰ তৃতীয় গোটটোৱে দৈনিক মাত্ৰ 600 ৰ পৰা 700 মেট্ৰিকটন সাৰ উৎপাদন কৰি দৈনিক মাত্ৰ 6 কোটি টকাহে উপাৰ্জন কৰিবলৈ সামৰ্থ হৈছে । যাৰ বাবে বৰ্তমান সময়ত চতুৰ্থ গোট নিমাৰ্ণ কৰাটো অধিক প্ৰয়োজন হৈ পৰিছে ৷ ৰামেশ্বৰ তেলীৰ তত্বাৱধান কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত এক সংবাদ মেল যোগে বুধবাৰে জানিবলৈ দিয়ে যে, সোনকালেই কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপ সাৰ কাৰখানালৈ অহাৰ লগতে অনাগত 10 দিনৰ ভিতৰত সাৰকাৰখানাৰ গোট দুটাৰ মেৰামতিৰ বাবে পূৰ্বতে ঘোষণা কৰা 100 কোটি টকা মুকলি কৰি দিয়াৰ আশ্বাস দিয়ে৷
সাৰ মন্ত্ৰী সদানন্দ গৌড়াক সাক্ষাৎ শ্ৰমিক ইউনিয়নৰঃ
এতিয়াও ৰঙা ফিটাৰ মেৰপাকত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট। দ্বিতীয় আৰু তৃতীয় গোট কেইটাৰ আয়ুস কাল ইতিমধ্যে উকলি যোৱাত গোট কেইটা মেৰামতিৰ বাবে সাংসদ ৰামেশ্বৰ তেলীৰ তত্বাৱধানত কেন্দ্ৰীয় সাৰ মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে সাৰকাৰখানাৰ শ্ৰমিক ইউনিয়নে।
Body: উল্লেখ্য যে নগাওঁ আৰু কাছাৰ কাগজ কলৰ দৰে ক্ৰমাৎ বন্ধৰ দিশে গতি কৰিছে নামৰূপৰ সাৰ উদ্যোগটো ।তিল তিল কৈ মৃত্যুৰ মুখলৈ গতি কৰিছে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা। অচিৰেই সাৰকাৰখানাটোৰ চতুৰ্থ গোট স্থাপন নকৰিলে নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰে অচলাৱস্থাৰ সৃষ্টি হব সাৰ উদ্যোগটোত৷ সাৰকাৰখানাটোৰ ১ নম্বৰ গোট বন্ধ হৈ যোৱাৰ পিছৰে পৰা দ্বিতীয় আৰু তৃতীয় গোটটোৱে বছৰি ৩ লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰি উত্তৰ পূৱৰ লগতে বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ডত অন্য সাৰ উদ্যোগৰ তুলনাত কম মূল্যত সাৰ বিক্ৰী কৰি আহিছিল। কিন্তুু চলিত বৰ্ষৰ মে মাহৰ পৰা কাৰিকৰী বিজুতিৰ বাবে বন্ধ হৈ আছে দ্বিতীয় গোটটো। সিফালে এতিয়া একমাত্ৰ তৃতীয় গোটটোৱে দৈনিক মাত্ৰ ৬০০ৰ পৰা ৭০০ মেট্ৰিকটন সাৰ উৎপাদন কৰি দৈনিক মাত্ৰ ৬ কোটি টকাহে উপাৰ্জন কৰিবলৈ সামৰ্থ্য হৈছে। যাৰ বাবে বৰ্তমান সময়ত অধিক প্ৰয়োজন হৈ পৰিছে চতুৰ্থ গোটটো নিমাৰ্ণ কৰা।Conclusion: তদুপৰি চৰকাৰৰ প্ৰচেষ্টাত চতুৰ্থ গোটটো নিমাৰ্ণৰ আশা পুহি ৰখা শ্ৰমিক ইউনিয়নে স্থানীয় এম পি তথা মন্ত্ৰী ৰামেশ্বৰ তেলীৰ তত্বাৱধান কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত এক সংবাদ মেল যোগে বুধবাৰে জানিবলৈ দিয়ে যে সোনকালেই কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপ সাৰ কাৰখানালৈ অহাৰ লগতে অনাগত ১০ দিনৰ ভিতৰত সাৰকাৰখানাৰ গোট দুটাৰ মেৰামতিৰ বাবে পূৰ্বতে ঘোষণা কৰা ১০০ কোটি টকা মুকলি কৰি দিয়াৰ আশ্বাস দিয়ে৷ উল্লেখ কৰাটো সমীচিন হব যে শীঘ্ৰে যদি সাৰ কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয়টো গোটৰ মেৰামতিৰ লগতে চতুৰ্থটো গোট স্থাপন নকৰে তেন্তে নামৰূপ সাৰ কাৰখানাৰ অৱস্থাও হৈ পৰিব কাগজ কল দুটাৰ দৰেই আৰু তাৰ বাবে দায়ী হব একমাত্ৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনেই৷ আনকি জবাবদিহি হব লাগিব সাংসদ তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী'ও ৷ উন্নয়নৰ শ্লগানেৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ সময়ত কেৱল মাত্ৰ চৰকাৰৰ হেমাহীৰ বাবেই ৰাজ্যৰ ব্যাগোম উদ্যোগ সমূহ এটাৰ পাছত আনটো মৃত্যুৰ মুখলৈ গতি কৰাকলৈ এতিয়া সৰৱ চৰ্চা চলিছে ৰাজ্যৰ সচেতন মহলত৷ ৰাইজৰ সন্দেহ বৃহৎ উদ্যোগ এটাক ব্যক্তিগত খণ্ডক গতাবলৈকে চৰকাৰৰ কুটিল ষড়যন্ত্ৰ নেকি? নে এইয়া এক চৰকাৰৰ সোপাঢিলা নীতি? আগন্তুক সময়তহে সকলো স্পষ্ট হব৷
Byte: তিলেশ্বৰ বড়া ।সভাপতি শ্ৰমিক ইউনিয়ন ।