ETV Bharat / state

Congress members joins BJP : মৰাণত ভেঁটি খহিছে কংগ্ৰেছৰ - congress members joins bjp at moran dibrugarh

মৰাণত 50 ৰো অধিক কংগ্ৰেছ কৰ্মীৰ দলত্যাগ ৷ পদত্যাগী সকলৰ বিজেপিত যোগদান (Congress members joins BJP) ৷ বিজেপিত যোগদান কৰা সদস্যসকলৰ ভিতৰত আছে ৰাংচালি পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ বিজয়ী ৱাৰ্ড সদস্যা সোণমণি বৰুৱা গগৈৰ লগতে পঞ্চায়তটোৰ অধীনষ্ঠ বিভিন্ন অঞ্চলৰ কংগ্ৰেছ কৰ্মী ৷

congress-members-joins-bjp-at-moran-dibrugarh
মৰাণত ভেঁটি খহিছে কংগ্ৰেছৰ
author img

By

Published : Jan 8, 2022, 9:51 AM IST

মৰাণ, 8 জানুৱাৰী : ক্ৰমাৎ যেন সাংগঠনিক ভেঁটি দুৰ্বল হৈ পৰিছে বিৰোধী দল কংগ্ৰেছৰ ৷ যাৰ বাবে দলটোৰ এজনৰ পিছত এজন বিধায়কে দলত্যাগ কৰি যোগ দিছে বিজেপিত ৷ পূৰ্বে উজনি অসমত কংগ্ৰেছৰ ঘাটি আছিল সবাতোকৈ শক্তিশালী ৷ কিন্তু ক্ৰমাৎ সেই ভেঁটি খহি দুৰ্বল হৈ পৰিছে ৷

More than fifty congress members joins bjp at moran dibrugarh
মৰাণত ভেঁটি খহিছে কংগ্ৰেছৰ

থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহায়ে কংগ্ৰেছ দল ত্যাগ কৰি উপ নিৰ্বাচনৰ পূৰ্বে যোগ দিছিল গেৰুৱা দল বিজেপিত ৷ তাৰপিছৰে পৰা দলটোত ব্যাপক হাৰত খহনীয়া হ’বলৈ ধৰা পৰিলক্ষিত হৈছে ৷ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে দলটো এৰি বিধায়কৰ পাছে পাছে বিজেপিত যোগ দিয়াও দেখা গৈছে ৷

50 ৰো অধিক কংগ্ৰেছ সদস্যৰ দলত্যাগ

কংগ্ৰেছে খহিব ধৰা ভেঁটি পুনৰুদ্বাৰৰ বাবে চেষ্টা অব্যাহত ৰখাৰ মাজতে বিজেপিয়ে উজনি অসম দখলৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে কংগ্ৰেছৰ প্ৰায় 50 গৰাকীৰো অধিক কৰ্মকৰ্তাই দলত্যাগ কৰে ৷ ইয়াৰ পিছতে পদত্যাগী কংগ্ৰেছ কৰ্মীসকলে গেৰুৱা দল বিজেপিত যোগদান (More than fifty congress members joins bjp) কৰে ৷ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত লৰুৱা মণ্ডলৰ ৰাংচালি পঞ্চায়তৰ সদস্যসকলে শুকুৰবাৰে বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে ৷

কংগ্ৰেছ ত্যাগী সকলোৱে যোগ দিয়ে বিজেপিত

বিজেপিত যোগদান কৰা সদস্যসকলৰ ভিতৰত আছে ৰাংচালি পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ বিজয়ী ৱাৰ্ড সদস্যা সোণমণি বৰুৱা গগৈৰ লগতে পঞ্চায়তটোৰ অধীনষ্ঠ বিভিন্ন অঞ্চলৰ কংগ্ৰেছ কৰ্মী ৷ ন বিজেপিসকলক বিধায়ক গগৈয়ে দলীয় গামোচাৰে আদৰণি জনায় ৷ এই দলীয় যোগদান কাৰ্যসূচীত লৰুৱা মণ্ডলৰ সভাপতি সূৰ্য ফুকন, খোৱাং মণ্ডলৰ সভাপতি ক্ষীৰোদ দুৱৰাৰ লগতে দলটোৰ বহুসংখ্যক বিজেপি কাৰ্যকৰ্তা উপস্থিত থাকে ৷

লগতে চাওক: New SOP in Assam: কি কি আছে নতুন SOP ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.