ETV Bharat / state

সাংবাদিক নিৰ্যাতন বন্ধ কৰাৰ দাবীত মৰাণত জাতীয় সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Jul 19, 2020, 8:10 PM IST

ৰাজ্যত ধাৰাবাহিকভাবে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন বন্ধ কৰা আৰু সাংবাদিক ৰাজীৱ শৰ্মাক বিনাচৰ্তে মুক্তিৰ দাবীত দেওবাৰে মৰাণৰ মাজ-মজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁ‌তিত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে ।

Moran Student orgaization protest to stop torturing of journalist
সাংবাদিক নিৰ্যাতন বন্ধ কৰাৰ দাবীত মৰাণত জাতীয় সংগঠনৰ প্ৰতিবাদ

মৰাণ, 19 জুলাই : ৰাজ্যত ধাৰাবাহিকভাবে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন বন্ধ কৰা আৰু সাংবাদিক ৰাজীৱ শৰ্মাক বিনাচৰ্তে মুক্তিৰ দাবীত দেওবাৰে মৰাণৰ মাজ-মজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁ‌তিত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে ।

টাই আহোম যুৱ পৰিষদ অসম,সদৌ টাই আহোম ছাত্ৰ সন্থা,আহোম জাতীয় গণ মঞ্চ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ সদস্য একত্ৰিত হৈ সাংবাদিক নিৰ্যাতন বন্ধ কৰক,ৰাজীৱ শৰ্মাক মুক্তি দিয়ক,গণতন্ত্ৰ চতুৰ্থ স্তম্ভক সুৰক্ষা দিয়ক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । সংগঠন কেইটাই বিজেপি চৰকাৰে সাংবাদিকৰ ওপৰত চলোৱা দমনমূলক নীতিক ধিক্কাৰ দিয়াৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী জনায় ।

উল্লেখযোগ্য যে, ধুবুৰীৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিক ৰাজীৱ শৰ্মাক মাজনিশা আৰক্ষীয়ে বিভিন্ন গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল ৷ ইফালে,সাংবাদিকগৰাকীক গ্ৰেপ্তাৰৰ পিচতেই সাংবাদিক গৰাকীৰ ৰুগীয়া পিতৃৰ মৃত্যু হৈছিল ৷ কিন্তু সাংবাদিক গৰাকীৰ অভিযোগ অনুসৰি,বিনা দোষত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ গৰু ছিণ্ডিকেটৰ বাতৰি ধাৰাবাহিকভাবে পৰিবেশন কৰাৰ বাবে ষড়যন্ত্ৰমূলকভাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উখাপন হৈছিল ৷ ইতিমধ্যে,সাংবাদিকগৰাকীক মুক্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছিল ৷

লগতে পঢ়ক : বিশেষভাবে সক্ষম বনজিতে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.