ETV Bharat / state

PM KISAN আঁচনিত দুৰ্নীতি : মৰাণত 3316 ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন - প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত দুৰ্নীতি

সাৱধান হ’বৰ হ’ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত নাম অন্তৰ্ভুক্ত হৈ থকা ভুৱা হিতাধিকাৰীসকল ৷ মৰাণত 3316 ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰিলে প্ৰশাসনে ৷ সকলোৰে ওপৰত কৰা হ’ব বিভাগীয় তদন্ত ৷

A_Moran_8014to8016_Fake farmers name cut from PM Kishan Scheme_As10031
PM KISAN আঁচনিত দুৰ্নীতি: মৰাণত 3316 ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন
author img

By

Published : Aug 9, 2021, 9:33 PM IST

মৰাণ, 9 আগষ্ট : সোমবাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ অধীনত দেশৰ প্ৰায় 9.75 কোটি হিতাধিকাৰী কৃষকৰ একাউন্টত মুঠ 19, 500 কোটি টকা জমা কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই আঁচনিখনৰ অধীনত উপযুক্ত হিতাধিকাৰী কৃষকসকলক বছৰি 6000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰাদন কৰা হয় ৷ কিন্তু দৰিদ্ৰ কৃষকসকলৰ বাবে ঘোষিত এই আঁচনিৰ নামতো ভুৱা হিতাধিকাৰী সৃষ্টি কৰি বহু লোকে আত্মসাৎ কৰিছে ধন ৷

সোমবাৰে PM-KISAN আঁচনিৰ 3316 জন ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰিলে মৰাণৰ প্ৰশাসনে ৷ কৃষি বিভাগৰ নিৰ্দশৰ পিছতে মৰাণৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে ভুৱা হিতাধিকাৰী বিচাৰি আৰম্ভ কৰিছিল অনুসন্ধান । মণ্ডল আৰু গাঁওবুঢ়াসকলে গাঁৱে গাঁৱে প্ৰকৃত হিতাধিকাৰী বিচাৰি অভিযান চলাইছিল ৷ এই অনুসন্ধানত ৩৩১৬ জন ভুৱা কৃষক হিতাধিকাৰী বিচাৰি পায় ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে ৷

PM KISAN আঁচনিত দুৰ্নীতি

উল্লেখ্য যে, মৰাণত চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত ১১০০২ জন PM-KISANৰ হিতাধিকাৰী আছিল ৷ ইয়াৰ বিপৰীতে এইবেলি ৭৬৮৬ জনক হে প্ৰকৃত কৃষক হিচাপে বিবেচিত কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী কিষক সন্মান নিধিৰ নামত তিনিচুকীয়াৰ বিভিন্ন পঞ্চায়তত দুৰ্নীতি

মুঠ হিতাধিকাৰীৰ ৮২৯ জনক আঁচনিৰ ধন লাভৰ বাবে যোগ্য নহয় বুলি বিবেচিত কৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে ৷ আনহাতে, ২৪৮৭ জন কৃষকৰ সন্ধান উলিয়াব নোৱাৰিলে কাৰ্যালয়ে । সোমবাৰে সংবাদ মাধ্যমৰ আগত এই তথ্য দাঙি ধৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) ও কাৰ্যবাহী দণ্ডাধীশ পাপৰি বৰগোহাঁয়ে ৷ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে কয়, ‘বিভাগৰ পৰৱৰ্তী নিৰ্দেশনা অনুসৰি এইসকল ভুৱা হিতাধিকাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব’ ৷

ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ পিছতে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে এই আঁচনিৰ বাবে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোত হোৱা কেলেংকাৰী বিশেষভাৱে তদন্ত আৰম্ভ কৰিছিল ।

প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণ কৰাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছিল । পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিছিল সোণোৱালে ।

লগতে পঢ়ক: বকোত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আজব কাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.