ETV Bharat / state

মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

author img

By

Published : Dec 21, 2020, 7:08 PM IST

ডিব্ৰুগড় জিলাৰ মৰাণত অহা ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুঁটা সোমবাৰে স্থাপন কৰা হয়। মৰাণৰ আহোম পথাৰত অনুষ্ঠিত হ'ব এই অভিৱৰ্তন ৷

moran-raijor-dol-convention
মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

মৰাণ, 21 ডিচেম্বৰ : উজনি অসমৰ মৰাণত অহা ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুঁটা সোমবাৰে স্থাপন কৰা হয়। মৰাণৰ আহোম পথাৰত অনুষ্ঠিত হ'ব লগা এই অভিৱৰ্তনৰ লাইখুঁটা স্থাপন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক নৱজ্যোতি বৰাই ।

মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই গায়ন-বায়নেৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতিৰে লাইখুঁটা স্থাপন কৰা এই অনুষ্ঠানটোত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ আহ্বায়কৰ লগতে কেইবাটাও দল-সংগঠনৰ বহু সংখ্যক লোক উপস্থিত থাকে । অনুষ্ঠানটোত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লুহিত গগৈৰ লগতে দলটোৰ কেইবাজনো আহ্বায়কে সংবাদ মাধ্যমৰ আগত ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ওফৰাই পেলোৱা হ'ব বুলি মন্তব্য কৰে ৷ লগতে অভিৱৰ্তনখন সাফল্য মণ্ডিত কৰিবলৈ সকলো ৰাইজকে আহ্বান জনায় নেতৃবৰ্গই ।
লগতে পঢ়ক: মৰাণৰ ৰাজপথত শতাধিক ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.