ETV Bharat / state

ড° মিতালী কোঁৱৰক বৰ্খাস্ত কৰাৰ দাবীত প্ৰতিবাদ

author img

By

Published : Sep 8, 2020, 3:18 PM IST

শিশু নিৰ্যাতনকাৰী মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাছতো অধ্যক্ষগৰাকীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে মৰাণ ।

ড° মিতালী কোঁৱৰক বৰ্খাস্ত কৰাৰ দাবীত প্ৰতিবাদ
ড° মিতালী কোঁৱৰক বৰ্খাস্ত কৰাৰ দাবীত প্ৰতিবাদ

মৰাণ, ৮ ছেপ্টেম্বৰ : শিশু নিৰ্যাতনকাৰী মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাছতো অধ্যক্ষগৰাকীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে মৰাণ । মঙলবাৰে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ আবাসত মিতালী কোঁৱৰ সম্পৰ্কে পৰিচালনা সমিতিৰ এখন জৰুৰী অনুষ্ঠান হোৱাৰ খবৰ পাই পৰিচালনা সমিতিৰ বিৰুদ্ধে মৰাণৰ বিভিন্ন সংগঠনৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ সকলে পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত হোৱা কক্ষৰ সন্মুখত মিতালী কোঁৱৰক বৰ্খাস্ত কৰাৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদৰ মাজতে সভাস্থলিত আহি উপস্থিত হ‘ল স্থানীয় বিধায়ক ৰাজ্যিক মন্ত্ৰী যোগেন মহন । মন্ত্ৰীৰ আশ্বাসৰ পাছতো আন্দোলনকাৰীসকলে আন্দোলন বন্ধ নকৰি পৰিচালনা সমিতিৰ সভাপতিক ওলাই আহি স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । অৱশেষত মৰাণহাট আৰক্ষীৰ উপস্থিতিত পৰিচালনা সমিতিৰ সভানেত্ৰী সুখ বৰুৱা আহি আন্দোলনকাৰী ছাত্ৰসকলৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰি মিতালী কোঁৱৰক বৰ্খাস্ত কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.