ETV Bharat / state

মৰাণৰ ইটা ভাটাৰ পৰা চুৰী হোৱা 1.92 লাখ উদ্ধাৰ

author img

By

Published : Apr 17, 2021, 10:36 PM IST

মৰাণৰ চেপনৰ ইটা ভাটাৰ পৰা চুৰি হোৱা 1.92 লাখ উদ্ধাৰ ৷ দুগৰাকীকৈ অভিযুক্তক আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিলে AS06P 0141 নম্বৰৰ এখন মাৰুতি ভান ৷

moran police recovered 1.92 lakh
মৰাণৰ ইটা ভাটাৰ পৰা চুৰী হোৱা 1.92 লাখ উদ্ধাৰ

মৰাণ,17 এপ্ৰিল: চৰাইদেউ জিলাৰ চেপন আৰক্ষী চকীৰ অধীনৰ ডোমৰদলং খোকামৰাত থকা SB নামৰ এটা ইটা ভাটাৰ পৰা কৌশলেৰে 1.92 লাখ টকা আত্মসাৎ কৰা দুজন অপৰাধীক নাহৰকটীয়াৰ পৰা আটক ৷ 16 এপ্ৰিলৰ নিশা আৰক্ষীয়ে নাহৰকটীয়াৰ সমীপৰ পৰা অভিযুক্ত লোক দুজনক আটক কৰে ৷

moran police recovered 1.92 lakh
দুগৰাকীকৈ অভিযুক্তক আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিলে AS06P 0141 নম্বৰৰ এখন মাৰুতি ভান

আটক কৰা অপৰাধী যুৱক দুজন ডবা পৰচনিহাবিৰ টুফেল বাৰ্জুৰ পুত্ৰ চিৰাজ বাৰ্জু (২১) আৰু ডোমৰদলং চাহ বাগিচাৰ ষ্টাফ কোৱাৰ্টাৰৰ চনজুক কৰ্মকাৰৰ পুত্ৰ লোহিত কৰ্মকাৰ (১৯) বুলি জানিব পৰা গৈছে ৷

অভিযুক্ত চিৰাজ আৰু লোহিতৰ পৰা আৰক্ষীয়ে আত্মসাৎ কৰা ধনৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বিপ্লৱ প্লাৱন শইকীয়া আৰু মৃদুস্মৃতা ফুকনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই যুৱক দুজনক আটক কৰাৰ লগতে AS06P 0141 নম্বৰৰ এখন মাৰুতি ভান জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: মাস্ক পৰিধান নকৰিলে এহাজাৰ টকাৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.