মৰাণ, 26 জুলাই : কৰ'ণাতংকৰ মাজতে ডিব্ৰুগড় খোৱাং সমীপৰ আলিয়াচুকত ছাগলী চুৰ কৰি ধৰা পৰিল মৰাণৰ প্ৰাক্তন বিধায়কৰ পুত্ৰ । উল্লেখ্য যে, মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কিৰণ গগৈৰ পুত্ৰ মানস প্ৰতীম গগৈ টাই আহোম ছাত্ৰ সন্থাৰ লেজাই কলখোৱা আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্বত আছে ৷
ৰাইজে সদৰি কৰা অনুসৰি, ডিব্ৰুগড়ৰ আলিয়াচুকৰ পৰা বহুদিন ধৰি ছাগলী চুৰ কৰি আহিছে যুৱকজনে । শনিবাৰে এই সম্পৰ্কে অৱগত হোৱাৰ পাচত ৰাইজে যুৱকজনক চুৰি ছাগলীসহ আটক কৰি মাৰ-ধৰ কৰে আৰু আৰক্ষীক গতাই দিয়ে ।
আনহাতে, BCPLৰ গেছ ক্ৰেকাৰ প্ৰকল্পত কৰ্মৰত যুৱক জনে কিয় চুৰি বৃত্তিত জড়িত হ'বলগীয়া হৈছে তাক লৈ সমগ্ৰ মৰাণ বিধানসভা সমষ্টিৰ লগতে ডিব্ৰুগড় জিলাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷
লগতে পঢ়ক : অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত লেজাইত প্ৰতিবাদ