মৰাণ, 10 ছেপ্টেম্বৰ : সততে সামাজিক মাধ্যম অথবা বিভিন্ন আলোচনা বিলোচনাত অসমীয়া যুৱ প্ৰজন্মৰ বিৰুদ্ধে কৰ্ম বিমুখতাৰ অভিযোগ উত্থাপিত হয় ৷ কিন্তু সম্প্ৰতি যেন খাটি খোৱা মানুহৰ দুখ দুৰ্দশাৰ অন্ত নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এফালে আংশিক লকডাউনৰ অৰ্থনৈতিক মাধমাৰ আনফালে অপৰাধীৰ দপ-দপনিত এতিয়া ৰাজ্যৰ খাটিখোৱা লোকে পৰিত্ৰাণ নোপোৱা পৰিস্থিতিৰ মুখামুখি হৈছে ৷ একেই পৰিস্থিতিৰ সমুখীন হৈছে মৰাণৰ লাকীব আহমেদ নামৰ যুৱকজন ৷
মাহেকীয়া কৃষ্টিত লোৱা অটোৰিক্সাখনৰে লাকীবে পৰিয়ালৰ দায়িত্ব পালন কৰি আহিছিল ৷ কিন্তু, শেহতীয়াকৈ এক অনাহুত পৰিস্থিতিৰ সমুখীন হ’ল যুৱকজন ৷ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলীত মঙলবাৰে এটা উদণ্ড যুৱকৰ দলৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় লাকীব আহমেদ নামৰ এজন অট' চালক । জানিব পৰা ঘটনা অনুসৰি, বৃহস্পতিবাৰে তেজপুৰৰ পৰা মৰাণলৈ যোৱা ৰাজীৱ বৰা নামৰ লোকজনে সোণাৰীৰ ভজো ষ্টেচনৰ পৰা লাকীব আহমেদ (৩৫)ৰ AS 33 C 0435 নম্বৰৰ অট'খন ৰাঙলীলৈ ভাড়ালৈ লয় ৷
ৰাঙলীলৈ গৈ থকা অৱস্থাত সন্ধিয়া প্ৰায় ৭ মান বজাত ৰাঙলী থান পথাৰৰ থানৰ সন্মুখত উদণ্ড এটা দলে অট' চালকজনৰ লগতে ভাড়া লৈ অহা তেজপুৰৰ ৰাজীৱ বৰা নামৰ লোকজনকো প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লাকীব ।
আনহাতে, দলটোৱে অট'খনো ভাঙি চূৰমাৰ কৰাৰ লগতে অট' চালক জনৰ পৰা প্ৰায় ৪০ হাজাৰ টকা লুটি লয় বুলি তেওঁৰ আত্মীয়ই সাংবাদিকৰ আগত জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, আঘাতপ্ৰাপ্ত লোক দুজনক গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি মৰাণহাট আৰক্ষীক চমজাই দিয়ে ।
ইফালে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অট' চালক লাকীবক নিশাই ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উক্ত ঘটনাৰ ন্যায় বিচাৰি শুকুৰবাৰে ভজো অট' চালক সন্থাই মৰাণহাট আৰক্ষী থানাৰ চৌহদত অৱস্থান কৰি ন্যায় বিচৰাৰ লগতে ঘটনা সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰে ।
লগতে পঢ়ক : পশ্চিম বংগ উপ নিৰ্বাচন : মনোনয়ন দাখিলৰ বাবে সাজু মমতা বেনাৰ্জী