ETV Bharat / state

তৈল উদ্যোগিক চহৰ দুলীয়াজান পৰিভ্ৰমণ বিধানসভাৰ সঁজাতি দলৰ

ৰাজ্যৰ তৈল উদ্যোগিক চহৰ দুলীয়াজান ভ্ৰমণ অসম বিধাসভাৰ সঁজাতি দলৰ ৷ বৃহস্পতিৰে দুলীয়াজানৰ অসম গেছ কোম্পানী(Assam Gas Company) আৰু দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড(DNPL) পৰিদৰ্শন কৰে দলটোৱে ৷ অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ৰ নেতৃত্বত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে সঁজাতি দলটোৱে ৷

mla-team-of-assam-assembly-visited-to-duliajan
দুলীয়াজান পৰিভ্ৰমণ বিধানসভাৰ সঁজাতি দলৰ
author img

By

Published : Oct 8, 2021, 9:08 AM IST

মৰাণ, 8 অক্টোবৰ : চাৰিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে উজনি অসমৰ তৈল উদ্যোগিক চহৰ দুলীয়াজানত উপস্থিত হয় অসম বিধাসভাৰ এটি সঁজাতি দল । দুলীয়াজানৰ অসম গেছ কোম্পানী(Assam Gas Company)ৰ লগতে দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড(DNPL) পৰিদৰ্শন কৰে অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্যসকলে ।

mla-team-of-assam-assembly-visited-to-duliajan
দুলীয়াজান পৰিভ্ৰমণ বিধানসভাৰ সঁজাতি দলৰ

অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ৰ নেতৃত্বত সঁজাতি দলটোৱে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে দুলীয়াজান পৰিভ্ৰমণ কৰে । বিভিন্ন বিষয়ৰ সৈতে অসম গেছ কোম্পানীৰ কৰ্প’ৰেট কাৰ্যালয়ত এক বৈঠকত মিলিত হয় অসম গেছ কোম্পানীৰ বিষয়াৰ লগতে ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্যসকলে ।

বৈঠকত প্ৰতিষ্ঠানটোৰ সামাজিক দায়িত্ব, বাণিজ্য, লাভ-লোকচান আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷ তদুপৰি দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড চমুকৈ DNPL পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ কাম-কাজ, কাৰ্যক্ষেত্ৰ আদি কৰি সকলোবোৰ দিশৰ বুজ লয় সদস্যসকলে ।

ইফালে, অসম গেছ কোম্পানীৰ দীৰ্ঘদিনীয়া শ্ৰমিকৰ মজুৰিৰ সমস্যাৰ বিষয়ে উক্ত বৈঠকতে আলোচনা কৰা হয় ৷ শীঘ্ৰেই শ্ৰমিকসকলৰ বাবে সু-খবৰ আহিব বুলি জানিবলৈ দিয়ে অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গিয়াৰীয়ে ।

অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে উক্ত ভ্ৰমণ কাৰ্যসূচীত ভাগ লয় দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা(Terash Gowalla), ডিগবৈৰ বিধায়ক সুৰেন ফুকন(Suren Phukan), আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা(Pradip Hazarika), মাজবাটৰ বিধায়ক চৰণ বড়ো(Charan Boro)ৰ আৰু অন্য চৰকাৰী বিষয়াসকলে ৷

লগতে পঢ়ক : উপ-নিৰ্বাচন : তামোলপুৰ ইউ পি পি এলক এৰি দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.