ETV Bharat / state

মৰাণত হোম কোৱাৰেন্টাইনত থকা লোকলৈ চৰকাৰী সাহাৰ্য বিতৰণ বিধায়ক চক্ৰ গগৈৰ - মৰাণত হোম কোৱাৰেন্টাইনত থকা লোক সকললৈ খাদ্য সামগ্ৰী

বৃহস্পতিবাৰে হোম কোৱাৰেন্টাইনত থকা প্ৰতি গৰাকী লোকৰ ঘৰৰ পদূলিয়ে পদূলিয়ে গৈ খাদ্য সামগ্ৰী যোগান ধৰে মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে ৷ লগতে পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে মিলি হোম কোৱাৰেন্টাইনত থকাসকলে কেনেদৰে নীতি-নিয়ম মানি চলিব লাগিব সেই সম্পৰ্কে লোকসকলক বিভিন্ন ধৰণেৰে পৰামৰ্শ দিয়ে বিধায়ক গৰাকীয়ে ।

MLA of Moran distributed food among the home quarantined people
হোম কোৱাৰেন্টাইনত থকা সকললৈ চৰকাৰী সাহাৰ্য বিতৰণ বিধায়ক চক্ৰ গগৈৰ
author img

By

Published : Jun 5, 2020, 9:52 AM IST

মৰাণ, 5 জুন : মৰাণত হোম কোৱাৰেন্টাইনত থকা লোকসকললৈ যোগান ধৰা হৈছে চৰকাৰী সাহাৰ্য । বৃহস্পতিবাৰে হোম কোৱাৰেন্টাইনত থকা প্ৰতি গৰাকী লোকৰ ঘৰৰ পদূলিয়ে পদূলিয়ে গৈ খাদ্য সামগ্ৰী যোগান ধৰে মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে ৷ লগতে পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে মিলি হোম কোৱাৰেন্টাইনত থকা লোকসকলে কেনেদৰে নীতি-নিয়ম মানি চলিব লাগিব সেই সম্পৰ্কে পৰিয়ালৰ লোকসকলক বিভিন্ন ধৰণেৰে পৰামৰ্শ দিয়ে বিধায়ক গৰাকীয়ে । উক্ত খাদ্য সামগ্ৰী সমূহৰ ভিতৰত আছিল চাউল, দালি, গাখীৰ আদিৰ লগতে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে ফেনাইলো বিতৰণ কৰে ৷ প্ৰায় ২০০০ টকা মূল্যৰ খাদ্য সামগ্ৰী প্ৰতিটো পৰিয়ালকে প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷

হোম কোৱাৰেন্টাইনত থকা সকললৈ চৰকাৰী সাহাৰ্য বিতৰণ বিধায়ক চক্ৰ গগৈৰ

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত এই পৰ্যন্ত ৮ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মৰাণৰ বিভিন্ন হোটেল, বিদ্যালয়-মহাবিদ্যালয় আদিত প্ৰশাসনে বহিঃ ৰাজ্যৰ পৰা অহা সকলক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে । কোৱাৰেন্টাইনত থকাৰ পাছত পৰীক্ষাৰ অন্তত কৰ'ণা নেগেটিভ পোৱা সকলক প্ৰশাসনে হোম কোৱাৰেন্টাইনৰ বাবে কিছু নীতি-নিয়ম নিৰ্ধাৰণৰ মাজেৰে ঘৰলৈ যোৱাৰ অনুমতি দিছে । হোম কোৱাৰেন্টাইনত থকা সেই লোকসকলৰ বাবে বৃহস্পতিবাৰে বিধায়কগৰাকীয়ে যোগান ধৰে চৰকাৰী সাহায্য ।

লগতে পঢ়কঃ বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.