ETV Bharat / state

শাওনৰ পথাৰত কঠীয়া সিঁচিলে লাহোৱালৰ বিধায়কে - লাহোৱাল

লাহোৱালৰ খনিকৰত খেতিয়কৰ ৰূপত দেখিবলৈ পোৱা গ'ল স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাক । বানাক্ৰান্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰায় 70 বিঘা মাটিত কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে বিধায়ক গৰাকীয়ে ।

mla of lahowal constituency plugging sowed seedlings in a paddy field

author img

By

Published : Jul 4, 2020, 8:19 PM IST

ডিব্ৰুগড়, 4 জুলাইঃ শনিবাৰে শাওনৰ পথাৰত কঠীয়া পাৰিলে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই । বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে প্ৰায় 70 বিঘা মাটিত কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে স্থানীয় বিধায়ক গৰাকীয়ে । এই আঁচনিৰ দ্বাৰা প্ৰায় 600তকৈ অধিক কৃষকক তেওঁলোকে কঠীয়া যোগান ধৰিবলৈ সক্ষম হ'ব বুলিও জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ।

শাওনৰ পথাৰত কঠীয়া সিঁচিলে লাহোৱালৰ বিধায়কে

এই ক্ষেত্ৰত যিসকল আৰ্থিকভাৱে দুৰ্বল কৃষক আছে, যিসকলে সেই স্থানলৈ আহি বীজ সংগ্ৰহ কৰিব নোৱাৰে, তেওঁলোকৰ বাবেও বীজ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ দ্বাৰা বানাক্ৰান্ত কৃষক সকলে কিছু হ'লেও সকাহ পাব বুলি মন্তব্য কৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই । কঠীয়া পাৰিবলৈ ঠাইৰ অভাৱ হোৱা কৃষকসকলৰ বাবে, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক অসমৰ প্ৰতিখন ৰাজহ চক্ৰতে 100 বিঘাকৈ মাটিত এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় লাহোৱালৰ বিধায়ক গৰাকীয়ে ।

লগতে পঢ়কঃ প্ৰশাসনে জাৰি কৰিলে নতুন লক্ ডাউন নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.