মৰাণ, 18 মে’ : সমগ্ৰ ৰাজ্যতে ক’ভিড মহামাৰীৰ দ্বিতীয়টো লহৰে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ চাহ বাগান সমূহতো তীব্ৰ গতিত বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা ৷ অসমৰ আন আন প্ৰান্তসমূহৰ লগতে মৰাণৰ চাহ বাগিচা অঞ্চল সমূহতো ভয়ানকভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।
মৰাণৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বাগিচা অঞ্চল সমূহত ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণেৰে চেষ্টা চলাই আছে যদিও সফল হ'ব পৰা নাই ।
![MLA Chakradhar Gogoi distributes mask among tea estates labours](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8031to8036-mlachakradhargogoidistributesmaskamongteaestateslabours-as10031_18052021172534_1805f_1621338934_940.jpg)
ইতিমধ্যে, মৰাণৰ বহু কেইখন চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিসিদ্ধ কৰিছে বাগিচা সমূহৰ কৰ্তৃপক্ষই । মঙলবাৰে, ক'ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চেপন চাহ বাগিচাৰ ১২ নং লাইন আৰু চাওৰা লাইনৰ শ্ৰমিক সকলৰ মাজত কৰ্মস্থানলৈ গৈ মাস্ক বিতৰণ কৰাৰ লগতে ক'ভিড প্ৰতিৰোধ কৰিবলৈ ল'বলগীয়া সাৱধানতা সম্পৰ্কে শ্ৰমিক সকলক অৱগত কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
বিনা প্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈকো সমষ্টি বাসী ৰাইজক আহ্বান জনাইছে ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা চক্ৰধৰ গগৈয়ে ।
লগতে পঢ়ক :ক'ভিডৰ দ্বিতীয় ষ্ট্ৰেইন: শিশু সকলক কিদৰে সংক্ৰমন কৰিব ?