ETV Bharat / state

Kidnaping and murder case: ৪ দিন পূৰ্বে অপহৃত শিশুৰ মৃতদেহ উদ্ধাৰ, ডিব্ৰুগড়ত তীব্ৰ উত্তেজনা

author img

By

Published : Feb 3, 2023, 2:24 PM IST

ডিব্ৰুগড় চহৰৰ এটা পৰিত্যক্ত প্ৰস্ৰাৱগাৰত উদ্ধাৰ ৪ বছৰীয়া শিশুৰ মৃতদেহ (Missing child body recovered)। শিশুটো ৪ বছৰীয়া তপন বাইলুং বুলি জানিব পৰা গৈছে । ৪ দিন পূৰ্বে দুৰ্বৃত্তই অপহৰণ কৰিছিল শিশুটোক । আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভিত ৰাইজ ।

Kidnaping and murder case
৪ দিন পূৰ্বে অপহৃত শিশুৰ মৃতদেহ উদ্ধাৰ
৪ দিন পূৰ্বে অপহৃত শিশুৰ মৃতদেহ উদ্ধাৰ

মৰাণ,৩ ফেব্ৰুৱাৰী: ডিব্ৰুগড় চহৰত উত্তপ্ত পৰিস্থিতি (Tense situation in Dibrugarh)। এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশ । ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত ৰহস্যৰ সৃষ্টি । আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ ।

উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ পুৰণি হাইস্কুল খেলপথাৰ সমীপৰ PWD কলনীত পুৱাই উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ (One child body recovered in Dibrugarh)। এটা পৰিত্যক্ত প্ৰস্ৰাৱগাৰত উদ্ধাৰ হয় শিশুটোৰ মৃতদেহ । পুৱা এজন লোকে প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে মৃতদেহটো কাপোৰেৰে ঢাকি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰে । ইফালে ৪ দিন পূৰ্বে চহৰখনৰ মালিপট্টিৰ পৰা অপহৃত এটি ৪ বছৰীয়া শিশুৰ মৃতদেহ বুলি স্থানীয় ৰাইজে চিনাক্ত কৰিছে । শিশুটোৰ নাম আছিল তপন বাইলুং ।

অভিযোগ অনুসৰি ৪ দিন পূৰ্বে শিশুটোক দুৰ্বৃত্তই অপহৰণ কৰিছিল । অপহৰণ সন্দৰ্ভত শিশুটোৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল । আনহাতে অপহৰণৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল । কিন্তু, অপহৰণৰ ৪ দিনৰ পাছতো আৰক্ষীয়ে শিশুটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । অৱশেষত শুকুৰবাৰে শিশুটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পৰিয়াল তথা অঞ্চলটোৰ লোকসকল শোকত ভাগি পৰিছে ।

আনহাতে আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে শিশুটোৰ পৰিয়াল আৰু স্থানীয় ৰাইজে । ঘটনাক লৈ আৰক্ষীয়ে অৱহেলা কৰাৰ বাবেই আজি শিশুটোক হত্যা কৰা হ'ল বুলি অভিযোগ কৰিছে লোকসকলে । মৃত শিশুটোৰ পৰিয়াল তথা আত্মীয় আৰু স্থানীয় লোকসকলে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে (Public protest against Police)।

জানিব পৰা মতে যোৱা সোমবাৰে নিশা মালিপট্টি অঞ্চলৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল চাৰিবছৰীয়া তপন বাইলুঙক । সন্ধিয়া ৭ বজাত ঘৰৰ পৰা ওলাই যোৱা কণমানি শিশুটিক অপহৰণ কৰি লৈ যোৱা সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল । পৰিয়ালৰ লোকে সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে অপহৰণত জড়িত থকাৰ সন্দেহত এজন যুৱকক কৰায়ত্ত কৰি শিশুটোৰ পৰিয়ালে আৰক্ষীক গতাই দিছিল ।

কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে শিশুটোৰ কোনো শুংসূত্ৰ লাভ কৰিব নোৱাৰিলে । যাৰ বাবে শিশুটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই অঞ্চলটোৰ ৰাইজ উত্তেজিত হৈ পৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । অৱশ্যে আৰক্ষীয়ে জনোৱা মতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :Mother and son attacked by miscreant: নিশা শুই থাকোতেই মাতৃ-পুত্ৰক দুৰ্বৃত্তৰ আক্ৰমণ মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.