ETV Bharat / state

অইল ইণ্ডিয়াৰ প্ৰজেক্ট ৰূপান্তৰৰ প্ৰশিক্ষণ অনুষ্ঠান মুকলি মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - অইল ইণ্ডিয়া

অইল ইণ্ডিয়াই ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন উন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত এই আঁচনি ৰূপায়ণ কৰে ৷ এই আঁচনিৰ জৰিয়তে বৃহত্তৰ বাঘজান অঞ্চলৰ পাঁচজনীয়া সদস্যৰে গঠিত ১০০ যুটীয়া দায়বদ্ধ গোটৰ সদস্যক এমাহৰ প্ৰশিক্ষণৰ অন্তত দহ হাজাৰকৈ টকা, পাঁচখনকৈ উৰণীয়া মাঁকোৰ তাঁতশাল, ৩৬ কেজিকৈ সূতা প্ৰদান কৰা হ’ব বুলি অধ্যক্ষ তাজনুৰ হুছেইনে জানিবলৈ দিয়ে ।

Minister Rameshwar Teli talking about Oil India Limited
অইল ইণ্ডিয়াৰ প্ৰজেক্ট ৰূপান্তৰৰ প্ৰশিক্ষণ অনুষ্ঠান মুকলি মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
author img

By

Published : Aug 26, 2021, 7:09 PM IST

মৰাণ, 26 আগষ্ট : অইল ইণ্ডিয়া লিমিটেডৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মই সদায় প্ৰাধান্য দি আহিছো । জন্মৰে পৰাই মই অইলৰ তেল গচকি ডাঙৰ হৈছো । এই বিষয়ে জ্ঞাত হৈয়ে হয়তো প্ৰধানমন্ত্ৰীয়ে মোক এই গধুৰ দায়িত্ব প্ৰদান কৰিছে । এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ।

তৈলনগৰী দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰজেক্ট ৰূপান্তৰৰ অধীনত তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাঘজানত ১০০ গৰাকী যুটীয়া দায়বদ্ধ গোটৰ সদস্যক প্ৰশিক্ষণৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে । দুলীয়াজানৰ টিপলিং স্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰূপান্তৰ বিকাশ কেন্দ্ৰত অনুষ্ঠিত অইলৰ কাৰ্যবাহী বিষয়া তথা প্ৰজেক্ট ৰূপান্তৰৰ অধ্যক্ষ তথা অইলৰ মুখপাত্ৰ তথা জনসম্পৰ্ক বিভাগৰ উপ- মহাপ্ৰৱন্ধক ত্ৰিদিৱ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া যুটীয়া দায়বদ্ধ গোটক দহ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় ।

অইল ইণ্ডিয়াৰ প্ৰজেক্ট ৰূপান্তৰৰ প্ৰশিক্ষণ অনুষ্ঠান মুকলি মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন উন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত অইলে ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে বৃহত্তৰ বাঘজান অঞ্চলৰ পাঁচজনীয়া সদস্যৰে গঠিত ১০০ যুটীয়া দায়বদ্ধ গোটৰ সদস্যক এমাহৰ প্ৰশিক্ষণৰ অন্তত দহ হাজাৰকৈ টকা, পাঁচখনকৈ উৰণীয়া মাকোৰ তাঁতশাল, ৩৬ কেজিকৈ সুতা প্ৰদান কৰা হ’ব বুলি অধ্যক্ষ তাজনুৰ হুছেইনে সভাত ব্যক্ত কৰে ।

লগতে পঢ়ক : স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড: একেদিনাই প্ৰদান কৰিলে দুটাকৈ ভেকচিন

অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিয়ে নিজৰ ভাষণত কয় যে, এই প্ৰজেক্টৰ বাবে অইলে সৰ্বমুঠ ১ কোটি ৬৫ লাখ টকা ধাৰ্য কৰিছে । ইয়াৰ লগতে গোটৰ সদস্যসকলৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে বজাৰৰ ব্যৱস্থা কৰা হ’ব । ইফালে সন্ধিয়ালৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তৈলনগৰী দুলীয়াজানত অইলৰ আৱাসিক এলেকাত প্ৰায় ডেৰশ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসিক প্ৰকল্পৰ মাংগলিক শুভাৰম্ভ কৰে ।

অইলৰ ডি প্লাচ আৱাসিক এলেকাত আৰম্ভ কৰা এই অভিলাষী প্ৰকল্পটোৰ নাৰিকল ভাঙি নিৰ্মাণৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে । অইল ইণ্ডিয়া লিমিটেডৰ অফিচাৰ কলনি হিচাপে নিৰ্মিত হ’বলগীয়া এই ব্যয়বহুল প্ৰকল্পটোৰ নিৰ্মাণৰ মাংগলিক শুভাৰম্ভ কৰি ভাৰত চৰকাৰৰ পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মন্তব্য কৰে যে এই প্ৰকল্পই তৈলনগৰীখনৰ সৌন্দৰ্য-বৰ্ধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব ।

ইয়াৰ পিচত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দুলীয়াজানৰ কুমুদ নগৰত অৱস্থিত মৃনালজ্যোতি কেন্দ্ৰত অইলে ৩২.৫৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া বৃত্তিমূলক শিক্ষণ কেন্দ্ৰ(Vocational Learning Centre)টোৰো গৃহৰ আধাৰশিলা স্থাপন কৰে ।

লগতে পঢ়ক : এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰিব টীকাকৰণৰ এপইণ্টমেণ্ট

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.