ETV Bharat / state

ডিব্ৰুগড়ত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীত্বৰ বাবে চেষ্টা চলাই থকা সময়ত ডিব্ৰুগড় লোকসভাৰ সাংসদ (Member of Legislative Assembly) তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Central Minister Rameshwar Teli)য়ে সমষ্টিটোৰ ৰাইজৰ মাজত সময় অতিববাহিত কৰা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় মন্ত্ৰী (Central Minister)গৰাকীয়ে শনিবাৰে দুলীয়াজানত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু ৫০ গৰাকী হিতাধিকাৰীৰ মাজত তাঁতশাল বিতৰণ কৰে ।

Minister Rameshwar Teli distributes power tiller and loom
দিল্লীত নেতাৰ ঘৰে ঘৰে সৰ্বানন্দ সোনোৱাল আৰু ডিব্ৰুগড়থ ৰাইজৰ মাজত ৰামেশ্বৰ তেলী
author img

By

Published : Jun 27, 2021, 12:45 PM IST

মৰাণ, 27 জুন : সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী পদ এৰা ডেৰ এমাহ অতিক্ৰম কৰিলে । সংবাদ মাধ্যমত জল্পনা কল্পনা চলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব । দিন পাৰ হৈ গৈ আছে কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীকক কি দায়িত্ব দিব কেন্দ্ৰীয় নেতৃত্বই সেয়া আজিও স্পষ্ট নহয় ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে (Sarbananda Sonowal) এটা সপ্তাহতকৈ অধিক সময় দিল্লীত বাহৰ পাতি আছে যদিও দুদিন আগতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ সাক্ষাৎ কৰে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰী পদ এৰি এতিয়া সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষা প্ৰদান কৰিবলৈ দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ ঘৰে ঘৰে ঘূৰিব লগা হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হ'বলৈ চেষ্টা চলাই থকা সময়ত ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli)য়ে সমষ্টিটোৰ ৰাইজৰ মাজত সময় অতিববাহিত কৰা পৰিলক্ষিত হৈছে ।

Minister Rameshwar Teli distributes power tiller and loom
দিল্লীত নেতাৰ ঘৰে ঘৰে সৰ্বানন্দ সোনোৱাল আৰু ডিব্ৰুগড়থ ৰাইজৰ মাজত ৰামেশ্বৰ তেলী

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শনিবাৰে দুলীয়াজানত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু ৫০ গৰাকী হিতাধিকাৰীৰ মাজত তাঁতশাল বিতৰণ কৰে । অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা (Teras Gowala)ৰ লগতে কৃষি আৰু হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ (handloom and textile department)ৰ বিষয়াসকল উপস্থিত থাকে ।

আজিৰ দিনত আন এটা লক্ষ্যণীয় কথা হৈছে, যিজন সৰ্বানন্দ সোণোৱালৰ চেষ্টাত ৰামেশ্বৰ তেলী (Rameshwar Teli)য়ে দ্বিতীয়বাৰৰ বাবে সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল সেই একেজন সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় মন্ত্ৰীত্বৰ লাভ বাবে অকলশৰে দিল্লীত থাকিব লগা হৈছে । উল্লেখ্য যে, চলিত মাহতে প্ৰধানমন্ত্ৰী মোদী (Narendra Modi)য়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাটো নিশ্চিত আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱাল (Sarbananda Sonowal)ক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল । ১৮ জুনত হঠাতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱালক জৰুৰীভাৱে দিল্লীলৈ তলব কৰা পাচৰে পৰা সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) দিল্লীতে বাহৰ পাতি আছে ৷

এই সময়ছোৱাত সোণোৱালে (Sarbananda Sonowal) দলৰ সভাপতি জে পি নাড্ডা (J P Nadda)সমন্বিতে আন একাংশ শীৰ্ষ দলীয় নেতাকহে সাক্ষাৎ কৰিছিল ।

লগতে পঢ়ক : কাৰ ৰেচন কাৰ্ড ঘূৰাই লোৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.