ডিব্ৰুগড়, 11 ডিচেম্বৰ : ৰাজ্যখনত দিনক দিনে ভয়ানকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ বিভিন্ন কাৰণত সংঘটিত পথ দুৰ্ঘটনাত প্ৰতিদিনে প্ৰাণ গৈছে বহুজনৰ ৷ এই পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যৰ পৰিবহন বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও বিশেষ সফল হ'ব পৰা নাই ৷ ইয়াৰ পাছতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত ৰাজ্যজুৰি পৰিবহন বিভাগৰ দ্বাৰা দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস আৰু পথ সুৰক্ষাৰ জনসচেতনতাৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷
এই কাৰ্যসূচীত পৰিবহন মন্ত্ৰীগৰাকীয়ে নিজে মটৰ চাইকেল চলাই ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত কৰিছে বিশেষ সজাগতা কাৰ্যসূচী ৷ এইবাৰ মটৰ চাইকেল চলাই বিশ্ব স্মৃতি দিৱস আৰু জনসচেতনতা কাৰ্যসূচীৰে চাবুৱাত উপস্থিত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷
তিনিচুকীয়াৰ দিশৰ পৰা ডিব্ৰুগড় চহৰলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মন্ত্ৰীগৰাকীয়ে নিজে মটৰ চাইকেল চলাই এক ৰেলী উলিয়াই ৷ এই ৰেলীৰ মাজতেই চাবুৱাত এক জনসচেতনতা সভাত অংশগ্ৰহণ কৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীক চাবুৱাত উষ্ম আদৰণি জনাই চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়াসকলে ৷
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্ৰীগৰাকীয়ে চিট বেল্ট লগাই, হেলমেট পিন্ধি বাহন চলাবলৈ আহ্বান জনোৱাৰ লগতে ম’বাইলত কথা পাতি আৰু সুৰাপান কৰি বাহন নচলাবলৈ অনুৰোধ জনায় ৰাইজক ৷ লগতে জিলাই জিলাই থকা পথ সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহ এই কাৰ্যসূচীৰ জৰিয়তে পৰ্যালোচনা কৰি সমাধান কৰিবলৈ ব্যৱস্থা কৰা হ'ব বুলিও কয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
উল্লেখ্য যে, ৰাজ্যৰ পৰিবহন বিভাগৰ উদ্যোগত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস আৰু পথ সুৰক্ষাৰ জনসচেতনতাৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাই জিলাই অনুষ্ঠিত কৰিছে বাইক ৰেলী ৷
লগতে পঢ়ক : বিধায়ক ভূৱন পেগুৰ বাসগৃহত বিদ্ৰোহী ৱাৰ্ড কমিশ্যনাৰৰ বিজেপিত যোগদান