মৰাণ, 14 মে’ : সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰী কৰ'ণাই এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে । কৰ’ণাৰ দ্বিতীয় লহৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত ৰাখিছে । ক'ভিড পৰিস্থিতিৰ মাজতো সন্মুখৰ পৰাই স্বাস্থ্য কৰ্মী সকলে এই প্ৰতিষেধক প্ৰদান অভিযানৰ নেতৃত্ব দি আহিছে ।
বৃহস্পতিবাৰে মৰাণত মন্ত্ৰী যোগেন মহনে ক'ভিড মহামাৰীৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ৷ প্ৰতিষেধক গ্ৰহণ কৰি মন্ত্ৰীজনে ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসাকর্মী সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চিকিৎসা কৰ্মীৰ সৎ-সাহস তথা একাগ্ৰতাই সকলোকে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰেৰণা দি আহিছে বুলি মন্তব্য কৰে ৷ এই মহামাৰীৰ বিৰুদ্ধে সজাগ হৈ সচেতনতাৰে যুঁজ দিবলৈ ৰাইজক আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : এম্বুলেঞ্চ চালকৰ ৰূপত বিধায়ক মৃণাল শইকীয়া