ETV Bharat / state

Congress AIUDF alliance controversy : কংগ্ৰেছ-এআইইউডিএফ আনক দেখুৱাই ইলুটি-সিলুটি: যোগেন মহন - কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ প্ৰসংগ

লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ প্ৰসংগ (Congress AIUDF alliance controversy)। দুয়োটা দলকে এটা মুদ্ৰাৰ ইলুটি-সিলুটি বুলি ক'লে মন্ত্ৰী যোগেন মহনে । মৰাণত বিৰোধীক সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Congress AIUDF alliance controversy
বিৰোধীক সমালোচনা যোগেন মহনৰ
author img

By

Published : Feb 11, 2023, 8:10 PM IST

Updated : Feb 11, 2023, 8:23 PM IST

বিৰোধীক সমালোচনা যোগেন মহনৰ

মৰাণ,১১ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন (Loksabha Election 2024)। লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে পুনৰ এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিষয়ত আলোচনা কৰিবলৈ দিল্লীলৈ এটা দিনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক মাতি নিয়া বুলি খবৰ ওলাইছে (Congress AIUDF alliance controversy)।

ইয়াৰ পাচতেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে । ৰাজ্যত পুনৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ কথা চৰ্চা চলাৰ পাচতে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলো ব্যস্ত হৈছে বিৰোধীক সমালোচনা কৰাত (BJP leader on Congress AIUDF alliance)। বিভিন্ন প্ৰকাৰে শাসকীয় পক্ষই আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক ।

দুয়োটা দলৰ মিত্ৰতাক লৈ এইবাৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে । মন্ত্ৰী যোগেন মহনে মৰাণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এতিয়া আনক দেখুৱাই ইলুটি-সিলুটি । কংগ্ৰেছ এতিয়া অবৈধ বাংলাদেশী আৰু অবৈধ ভোটাৰৰ লগত আছে বুলি প্ৰমাণিত হৈছে (Jogen Mahan slams oppositions)।

বিৰোধীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে বাহিৰত এটা কয়, পেটত এটা থাকে, দিল্লীত এতিয়া তেওঁলোকৰ আলোচনা চলি আছে, আগন্তুক দিনত সকলো দেখিব বুলি তীব্ৰ সমালোচনা কৰে মন্ত্ৰী যোগেন মহনে ।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে মাহমৰা সমষ্টিৰ পৰচনীহাবি গাঁৱত জল জীৱন মিছনৰ অন্তৰ্গত এক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ।

লক্ষণীয়ভাৱে নিৰ্বাচন আহিলেই কংগ্ৰেছ আৰু এআইইউডিএফ দল চৰ্চালৈ আহে । মিত্ৰতাৰ প্ৰসংগ পুনৰ গা কৰি উঠে । অৱশ্যে বিৰোধীয়ে অভিযোগ কৰা মতে এয়া মাত্ৰ শাসকীয় পক্ষৰ নিৰ্বাচনী আক্ৰমণ । নিৰ্বাচন আহিলেই বিৰোধীক আক্ৰমণৰ বাবে মিত্ৰতাৰ প্ৰসংগ টানি আনে শাসকীয় পক্ষই ।অৱশ্যে এইবাৰ বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ নেতাসকলে শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুত্তৰ কেনেদৰে দিয়ে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :MP Ajit Kumar Bhuyan: কেন্দ্ৰীয় বাজেটৰ কথা বেছি, কাম কম হয়: অজিত কুমাৰ ভূঞা

Last Updated : Feb 11, 2023, 8:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.