ETV Bharat / state

Amrit Kalash Yatra: দেশপ্ৰেম থকা কংগ্ৰেছ বিধায়কে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে ; যোগেন মহন

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:20 AM IST

চৰাইদেউৰ মাহমৰাত আয়োজন অমৃত কলহ যাত্ৰা ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে ৷ চৰাইদেউৰ অমৃত কলহ যাত্ৰাত অংশ লৈ মন্ত্ৰী মহনে কংগ্ৰেছৰ কেইবাজনো বিধায়কে অমৃত কলহ যাত্ৰাক সমৰ্থন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷

Amrit Kalash Yatra
চৰাইদেউত অমৃত কলহ যাত্ৰা
চৰাইদেউত অমৃত কলহ যাত্ৰা

ডিব্ৰুগড়, 9 অক্টোবৰ : ‘‘দেশপ্ৰেম থকা কংগ্ৰেছ বিধায়কে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অমৃত কলহ যাত্ৰাত কালিমা সানিব বিচাৰিছে ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷

উল্লেখ্য যে, ৰাজ্যখনত এতিয়াও জিলাই জিলাই অনুষ্ঠিত হৈ আছে কেৱল অমৃত কলহ যাত্ৰা কাৰ্যসূচী । এই কাৰ্যসূচীত মন্ত্ৰী, বিধায়ক নতুবা জিলা আয়ুক্তগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে । শাসক দল বিজেপিৰ অমৃত কলহ যাত্ৰা সফল কৰিবলৈ উঠি পৰি লগা সময়ত বিৰোধী কংগ্ৰেছ আৰু আন ৰাজনৈতিক দলসমূহে অমৃত কলহ যাত্ৰাক তীব্ৰ সমালোচনা কৰিছে ।

ইয়াৰ মাজতেই কংগ্ৰেছৰ কেইবাজনো বিধায়কে অমৃত কলহ যাত্ৰাত সমৰ্থন জনাই ৰাইজৰ সৈতে অংশগ্ৰহণ কৰিলে অমৃত কলহ যাত্ৰাত । ইয়াৰ পাচতে ৰাজ্যৰ ৰাজনীতিত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । ইফালে কংগ্ৰেছৰ ভিতৰ চ’ৰাত এই বিষয়টোৱে জোকাৰণি সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

একাংশই কংগ্ৰেছৰ শীৰ্ষ নেতা, বিধায়কসকলৰ এই ভূমিকাক বিৰোধিতা কৰি দলৰ দায়িত্ব ত্যাগ কৰাৰ হুংকাৰ দিছে । ইয়াৰ মাজতে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা কংগ্ৰেছ বিধায়কসকলৰ দেশপ্ৰেম থকা বুলি মন্তব্য কৰিলে কেবিনেট মন্ত্ৰী যোগেন মহনে ।

চৰাইদেউৰ মাহমৰাত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘দেশপ্ৰেম থকা কংগ্ৰেছ বিধায়কসকলৰ লগতে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে এই কাৰ্যসূচীৰ বাবে । কিন্তু কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৰাজনৈতিক কালিমা সানিব বিচাৰিছে । কংগ্ৰেছৰ দেশপ্ৰেম থকা সকলে ওলাই আহিছে ৷ কিন্তু ক্ষমতাৰ বাবে বলীয়ানসকলে এই মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাই’’ ৷

লগতে পঢ়ক : Amrit Kalash Yatra: আকাশী গংগা গাঁও পঞ্চায়তত সম্পন্ন ’অমৃত কলহ যাত্ৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.