ETV Bharat / state

Jogen Mahan in Paddy field: ট্ৰেক্টৰ লৈ পথাৰত নামিল যোগেন মহন

author img

By

Published : Jun 25, 2023, 9:25 PM IST

কৃষকক উৎসাহিত কৰিবলৈ ট্ৰেক্টৰ চলাই পথাৰত মাটি চহোৱাত ব্যস্ত মন্ত্ৰী যোগেন মহন । নিজ সমষ্টিৰ এহেজাৰ পৰিয়ালৰ প্ৰতি ঘৰৰ ৩ বিঘা মাটিত হালবোৱা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে ।

Minister Jogen Mahan busy ploughing
ট্ৰেক্টৰ লৈ পথাৰত নামিল যোগেন মহন
ট্ৰেক্টৰ লৈ পথাৰত নামিল যোগেন মহন

ডিব্ৰুগড়, ২৫ জুন: শাওন মাহ সমাগত । চহা খেতিয়কৰ সীমাহীন ব্যস্ততা । শাওনৰ পথাৰখন সেউজীয়া কৰিবলৈ কৃষকসকল ব্যস্ত হৈ পৰিছে আপোন পথাৰখনত । কৃষকসকলক সকাহ দিবলৈ চৰকাৰেও লৈছে ভিন্ন পদক্ষেপ । সমান্তৰালভাৱে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড়ৰ মাহমৰা সমষ্টিত দেওবাৰে আয়োজন কৰা হয় হালবোৱা কাৰ্যসূচী । হালবোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা যোগেন মহনক দেখিবলৈ পোৱা গ'ল এগৰাকী ট্ৰেক্টৰ চালকৰ ৰূপত । কৃষকক উৎসাহিত কৰিবলৈ ট্ৰেক্টৰ চলাই পথাৰত মাটি চহোৱাত ব্যস্ত হৈ পৰে মন্ত্ৰী যোগেন মহন ।

খেতিয়কসকলক কিছু সকাহ দিয়াৰ লগতে পথাৰৰ মাটি যাতে এনেই পৰি নাথাকে তাৰ প্ৰতি লক্ষ ৰাখি মন্ত্ৰী যোগেন মহনে আজি ট্ৰেক্টৰ চলাই মাটি চহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেউৰী স্বায়ত্তপৰিষদৰ অধীনৰ বিনামূলীয়াকৈ মাটি চহোৱা কাৰ্যসূচীৰ । দেউৰী স্বায়ত্তপৰিষদে মুঠ ২২টা সমষ্টিৰ লগতে ৭ নং ৰজাবাৰী সমষ্টিৰ মৰাণ, মাহমৰা আৰু থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কোৰোকানি দেউৰী গাঁৱত, মুঠ ১০০০ পৰিয়ালক ৩ বিঘাকৈ খেতি মাটিত বিনামূলীয়াকৈ ট্ৰেক্টৰেৰে মাটি চহোৱাৰ ব্যৱস্থা কৰিছে ।

দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা অনুষ্ঠানটোত ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ সৈতে এই কাৰ্যসূচীত দেউৰী স্বায়ত্তপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ লগতে স্বায়ত্ত পৰিষদৰ সদস্য আৰু বিষয়াসকল উপস্থিত থাকে । মূলতঃ কৃষকক উৎসাহিত কৰিবলৈ আৰু দৰিদ্ৰ কৃষকক কিছু সহায় কৰাৰ উদ্দেশ্যে দেউৰী স্বায়ত্ত পৰিষদে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

ৰাজহ মন্ত্ৰী যোগেন মহনে এই কাৰ্যসূচী উদ্বোধন কৰি ৰাইজক কৃষি কাৰ্যৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি জৈৱিক সাৰ প্ৰয়োগ কৰি কৃষি কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: আৰ্থিক বিপ্লৱত হেঙাৰ; ব্ৰইলাৰ কুকুৰা পালকক সমাজচ্যুত কৰি সংবিধান ৰক্ষাৰ শান্তনা লাভ শংকৰ সংঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.