ETV Bharat / state

Jal Jeevan Mission: ডিব্ৰুগড়ত জল জীৱন মিচনৰ আঁচনিৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই - Jayanta Malla Baruah in Dibrugarh

ডিব্ৰুগড়ত জল জীৱন আঁচনিৰ কামৰ খতিয়ান ল’লে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ লগতে বিধায়ক, বিভাগীয় বিষয়াৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Jayanta Malla Baruah in Dibrugarh
ডিব্ৰুগড়ত জল জীৱন মিচনৰ আঁচনিৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই
author img

By

Published : Jul 10, 2022, 6:03 PM IST

মৰাণ, 10 জুলাই: প্ৰতিজন লোককে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা বাবে কেন্দ্ৰীয় মোডী চৰকাৰে ৰূপায়ণ কৰিছে জল জীৱন মিচন আঁচনি (Jal Jeevan Mission) । জল জীৱন মিছনৰ কাম তৎপৰতাৰে কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এই পৰ্যন্ত এই আঁচনিৰ জড়িয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিব্ৰুগড় চক্ৰৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু নাজিৰা সংমণ্ডলৰ উচ্চপদস্থ বিষয়াসকল, চক্ৰ বিষয়াসকলৰ সৈতে জল জীৱন মিচনৰ এক পৰ্যালোচনা বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ খতিয়ান লয় (Jayanta Malla Baruah in Dibrugarh) ।

ডিব্ৰুগড়ত জল জীৱন মিচনৰ আঁচনিৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই

লগতে ভূমি সম্পৰ্কীয় সমস্যাৰ লগতে আঁচনিখন ৰূপায়ণৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি তাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু মিচনৰ নিৰ্ধাৰিত কামসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে (Jal Jeevan Mission in Assam)।

এই আলোচনাকালত সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, টেৰছ গোৱালা, পোনাকন বৰুৱা, তৰংগ গগৈ, উপায়ুক্ত বিশ্বজিৎ পেগুকে মুখ্য কৰি সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়াসকল উপস্থিত থাকে।

পৰ্যালোচনা সভাৰ পাছতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, জল জীৱন মিচন প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি । নিৰ্ধাৰিত সময়ত এই আঁচনিৰ কাম সম্পূৰ্ণ কৰিব লাগিব ।

লগতে পঢ়ক: অসম-অৰুণাচলৰ সীমা বিবাদ : শীঘ্ৰেই অনুষ্ঠিত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.