ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক নাকী লগাবলৈ সাজু চৰকাৰ: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Feb 23, 2021, 1:40 PM IST

সোমবাৰে চিলাপথাৰত আয়োজিত প্ৰধানমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত পোনে পোনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহে নাহৰকটীয়াৰ চাচনীলৈ ৷ চাচনীৰ টিকিৰাবালিত ২৭ কোটি টকা ব্যয় সাপেক্ষে বুঢ়ীদিহিঙৰ ওপৰেদি নিৰ্মাণ কৰিবলগীয়া এখন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে মন্ত্ৰী শৰ্মাই অংশগ্ৰহণ কৰে মেৰবিল খেলপথাৰত আয়োজিত এখন সভাত ৷

নাহৰকটীয়াত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

মৰাণ, 23 ফেব্ৰুৱাৰীঃ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ফান্দত পৰা ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলৰ বাবে সুখবৰ ৷ ৰাজ্য চৰকাৰে এনে কোম্পানীসমূহৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ আইন সাজু কৰিছে ৷ উক্ত আইনত ৰাজ্যপালে মোহৰ মাৰিলেই নাকী লগোৱা হ’ব মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহক ৷

"আইন কাৰ্যকৰী হোৱাৰ পিছত যদি ঋণীৰ ঘৰলৈ কিস্তিৰ ধন বিচাৰি গৈ কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে হাৰাশাস্তি কৰে, তেন্তে কাকো সুদাই এৰা নহ’ব ৷ কোম্পানীৰ মেনেজাৰ-মালিক সকলোৱে জেলত সোমাব লাগিব" গ্ৰামাঞ্চলৰ সহস্ৰাধিক মহিলাক প্ৰবোধ দি এই অংগীকাৰ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, সোমবাৰে চিলাপথাৰত আয়োজিত প্ৰধানমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত পোনে পোনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহে নাহৰকটীয়াৰ চাচনীলৈ ৷ চাচনীৰ টিকিৰাবালিত ২৭ কোটি টকা ব্যয় সাপেক্ষে বুঢ়ীদিহিঙৰ ওপৰেদি নিৰ্মাণ কৰিবলগীয়া এখন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে মন্ত্ৰী শৰ্মাই অংশগ্ৰহণ কৰে মেৰবিল খেলপথাৰত আয়োজিত এখন সভাত ৷ বিজেপিৰ যুৱ নেতা তৰংগ গগৈয়ে আঁত ধৰা উক্ত সভাত উপস্থিত আছিল স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতিপ্ৰসাদ কোঁৱৰ, বিজেপি নেতা ৰঞ্জিত বৰুৱা, প্ৰদীপ বুঢ়াগোঁহাই আদি ৷ টিকিৰাবালিৰ প্ৰস্তাৱিত দলংখন আজিৰে পৰা ওঠৰ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি দিম বুলি সবল প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰীগৰাকীয়ে কেৱল চাচনী এলেকাৰ বিভিন্ন বাট-পথৰ উন্নয়নৰ বাবে সৰ্বমুঠ ৫৫ কোটি টকা ব্যয় কৰিব বুলিও ঘোষণা কৰে ৷

উল্লেখ্য যে, নাহৰকটীয়া সমষ্টিটো বিজেপিৰ মিত্ৰজোঁটৰ সংগী অগপৰ বিধায়ক নৰেন সোণোৱালে প্ৰতিনিধিত্ব কৰি আহিছিল ৷ কিন্তু সমাগত নিৰ্বাচনত আসনখন অগপৰ পৰা বিজেপিয়ে আঁজুৰি লোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰে মন্ত্ৰীগৰাকীৰ ভাষ্যত ৷ নিজ চৰকাৰৰ কাৰ্যকালত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপকৃত হোৱাকৈ বিভিন্ন আঁচনি অহৰ্নিশে কাৰ্যকৰী কৰাৰ বিষয়ে সদৰী কৰি মন্ত্ৰী শৰ্মাই কংগ্ৰেছ দলক কটাক্ষ কৰে ৷ কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লুঙি-টুপীক অসমৰ ৰাইজৰ শোৱনী কোঠাত সুমুৱাব বিচৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ তিনিচুকীয়াত চলন্ত অৱস্থাত অগ্নিদগ্ধ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.