মৰাণ, 1 জুন: ডিব্ৰুগড় জিলাৰ লেঙেৰী মডেল চিকিৎসালয়ত চলিছে ক'ভিড ৰোগীৰ চিকিৎসা । প্ৰায় শতাধিক ৰোগীৰ চিকিৎসা চলি থকা চিকিৎসালয়খনত টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাই উপস্থিত হৈ ক'ভিড ৰোগীৰ স্বাস্থ্য বুজ লোৱাৰ পাছতে চিকিৎসালয়ত কৰ্মৰত চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উক্ত কেন্দ্ৰটোৰ আন আন দিশ সমূহৰ বিষয়ে বুজ লয় ।
![Minister Bimol Borah talikng with doctor of Lengeri Model Hospital](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8029to8033-ministerbimolborahtalikngwithdoctoroflengerimodelhospital-as10031_01062021194121_0106f_1622556681_328.jpg)
লগতে মন্ত্ৰী জনে ক'ভিড ৰোগী সকলৰ খাদ্যৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা সুচাৰুৰূপে কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক পৰামৰ্শ আগবঢ়ায় । মঙলবাৰে মন্ত্ৰী বিমল বৰা, মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়া সকলৰ উপস্থিতিত ঔফুলীয়া চাহবাগিছা কৰ্তৃপক্ষই উক্ত কেন্দ্ৰটোৰ বাবে এটি অক্সিজেন কনছেনট্ৰেটৰ প্ৰদান কৰে ।
লগতে পঢ়ক: অভয়াপুৰীত সন্দেহজনক বাৰ্মিজ চুপাৰি জব্দ