ডিব্ৰুগড়,21 জুন : সমগ্ৰ দেশ তথা ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰীৰ আতংক ৷ ইফালে covid-19 প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰিছে আংশিক লক ডাউন ৷ ইফালে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আৰম্ভ হৈছে ঘৰ ঘৰে ভেকচিন তথা স্ব্যস্থ্য পৰীক্ষা অভিযান ৷ সোমবাৰে ক’ভিড সম্পৰ্কে জনস্বাস্থ্যৰ বুজ ল'বলৈ ৰাইজৰ কাষ চাপিলে মন্ত্ৰী বিমল বৰা ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শেহতীয়াকৈ প্ৰদান কৰা নিৰ্দেশমৰ্মে বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ উল্লেখ্য যে, জিলাখনত কৰ’ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অভিযান পূৰ্বতকৈও অধিক ব্যাপক আৰু তীব্রতৰ কৰি তুলিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ।
মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে জিলাখনৰ ক'ভিড প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচীক এক ব্যাপক জন আন্দোলন ৰূপে গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰে ।
এই অভিযানত প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত সম্পূৰ্ণ ক'ভিড-১৯ প্ৰট'কল মানি চলি 18 বয়সৰ উৰ্ধৰ ব্যক্তিসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব । তেওঁ উল্লেখ কৰে যে, এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ মুঠ 40 টা কেন্দ্ৰত মুঠ 8,000 পালি ক'ভিশ্বিল্ড (Covisheiled) প্ৰতিষেধক প্ৰদান কৰা হ'ব । ক'ভিড-১৯ ত সংক্ৰমিতৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ ন-খাট গাঁও পঞ্চায়ত এলেকাটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষিত হৈছিল ।
পৰিস্থিতি উন্নত হোৱাৰ পিছত সোমবাৰে উক্ত এলেকাত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰি সামাজিক দূৰত্ব পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী বিমল বৰাই । ইয়াৰ পিছতে নিকটৱৰ্তী লেঙেৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকসকলৰে মত বিনিময়ৰ অন্তত ক'ভিড-১৯ ত আক্ৰান্তসকলৰ মাজত ফল-মূল বিতৰণ কৰে । লগতে লেঙৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চলি থকা টীকাকৰণ অভিযানৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: শীঘ্ৰে ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'ব দেশত ! ভাৰতবাসী সাজু নে ?