মৰাণ, ৪ ডিচেম্বৰ: শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ । পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে ডিব্ৰুগড়ৰ বগীবিল । প্ৰতিবছৰে পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটে বগীবিললৈ । আলহী পক্ষীয়ে শুৱনি কৰিছে বগীবিলৰ জলাশয়বোৰ । জাকে জাকে উৰি ফুৰা বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে হাতবাউলি দি মাতিছে প্ৰকৃতিপ্ৰেমীক । শৰালী হাঁহৰ উপৰিও মেটেকাৰ মাজে মাজে ইটাগুৰিয়া, দল কোহা চৰাইৰ মাতত ন কৈ প্ৰাণ পাই উঠিছে বগীবিলে ।
বগীবিলৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশত মন্ত্ৰমুগ্ধ হৈ পৰিছে উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী বগীবিল দলঙেৰে যাত্ৰা কৰা বহু যাত্ৰী । সেয়ে, বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে বগীবিলৰ বিশাল বিশাল জলাশয় । আনহাতে, দীৰ্ঘ দিন ধৰি হোৱা লকডাউনে মানুহক আৰ্থিক দুৰৱস্থাৰ মাজলৈ থেলি দিলে যদিও প্ৰকৃতিৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিল । অসমত প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ অধিক পৰিভ্ৰমী চৰাইৰ আগমণ হৈছে বুলি প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।