ETV Bharat / state

কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণক লৈ ডিব্ৰুগড়ত বৈঠক - Tea Growers Association

ক'ভিডৰ ভয়াৱহতাই চাহ বাগিচা সমূহৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ নমাই আনিছে দুৰ্যোগ ৷ বিশ্ব অৰ্থনীতিত বিশেষ মৰ্যদা থকা অসমৰ চাহৰ অৱস্থা বৰ সন্তোষজনক নহয় ৷ বিগত বছৰৰ পৰা কাল ৰূপ ধাৰণ কৰি থকা কৰ'ণাই জুৰুলা কৰিছে অসমৰ চাহ উদ্যোগটোক ৷

Meeting held for discussion about the price of Raw tea
কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণক লৈ ডিব্ৰুগড়ত বৈঠক
author img

By

Published : Jun 29, 2021, 8:51 AM IST

মৰাণ, 29 জুন : সমগ্ৰ বিশ্বতে অসমৰ চাহে দখল কৰি আহিছে এক বিশেষ স্থান ৷ বিশ্ব অৰ্থনীতিত অসমৰ চাহৰ আছে বিশেষ মৰ্যদা ৷ আমেৰিকা, জাপান আৰু ইউৰোপৰ দেশসমূহত জৈৱিক চাহপাতৰ চাহিদা যথেষ্ট বেছি ৷ কিন্তু বৰ্তমান অসমৰ চাহ খণ্ডৰ অৱস্থা বৰ সন্তোষজনক নহয় ৷ বিগত বছৰৰ পৰা কাল ৰূপ ধাৰণ কৰি থকা কৰ'ণাই জুৰুলা কৰিছে অসমৰ চাহ উদ্যোগটোক ৷

Meeting held for discussion about the price of Raw tea
কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণক লৈ ডিব্ৰুগড়ত বৈঠক

একে পৰিৱেশ দেখা গৈছে ডিব্ৰুগড়ৰ চাহ খেতিয়ক সকলৰ মাজত ৷ কৰ'ণাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিখন সৰু বৰ বাগিচা ৷ সেয়ে সোমবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সমিতিৰ এখন বৈঠক এবিটা (ABITA) কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । এই বৈঠকত বিশেষকৈ কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ আৰু গুণগত মানদণ্ডৰ ওপৰত আলোচনা কৰা হয়।

সভাত চাহ ব'ৰ্ড (Tea Board), এবিটা (ABITA), বিচিপি (BCP), সদৌ অসম ক্ষুদ্ৰ চাহ উৎপাদক সংস্থা(All Assam Small Tea Growers Association), উজনি অসম ক্ষুদ্ৰ চাহ উৎপাদক সংস্থা (Upper Assam Small Tea Growers Association) আৰু সদৌ অসম কেঁচা চাহপাত ক্ৰয় কাৰখানাৰ স্বত্বাধিকাৰী সংস্থা, ডিব্ৰুগড় (All Assam Bought Leaf Factory Owners Association, Dibrugarh) শাখাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

সম্প্ৰতি বতৰৰ তাৰতম্যৰ লগতে ক'ভিড ভয়াৱহতাৰ প্ৰভাৱ চাহ বাগিচা সমূহৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ওপৰত যথেষ্ট পৰিমাণে পৰিছে । অসমত ক্ষুদ্র চাহ খেতিয়ে ব্যাপক ৰূপত প্রসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে যদিও আজিৰ তাৰিখত বহুত নতুন নতুন সমস্যা ক্ষুদ্র চাহ খেতিয়কসকলে সন্মুখীন হ’ব লগীয়া হৈছে ৷ ইয়াৰ মূল সমস্যা হৈছে কেঁচা চাহপাতৰ উচিত মূল্য নোপোৱা ৷ বিভিন্ন সময়ত কেঁচা পাতৰ দাম নিম্নগামী হোৱাত চাহ খেতিয়ক সকল অধিক লাভান্বিত হোৱাৰ পৰা বঞ্চিত হৈছে ।

লগতে পঢ়ক: একে লগে বিদ্যুৎ সংযোগ হেৰুৱালে এখন গাঁৱৰ গঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.