ETV Bharat / state

স্বায়ত্ত্ব শাসিত পৰিষদৰ কাম-কাজৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ প্ৰতিবাদ - চাবুৱা মটক

শুকুৰবাৰে ডিব্ৰুগড়ৰ চাবুৱাত মটক জনগোষ্ঠীয় ৰাইজৰ প্ৰতিবাদ ৷ মটক স্বায়ত্ত্ব শাসিত পৰিষদৰ কাম-কাজ নিকা কৰিবলৈ চৰকাৰক আহ্বান মটকসকলৰ ৷

matak-people-protest
মটক জনগোষ্ঠীয় ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Feb 5, 2021, 10:00 PM IST

মৰাণ,5 ফেব্ৰুৱাৰী : মটক স্বায়ত্ত্ব শাসিত পৰিষদৰ কাম-কাজ নিকা হোৱাৰ দাবীৰে শুকুৰবাৰে ডিব্ৰুগড়ৰ চাবুৱাত প্ৰতিবাদ সাব্যস্ত কৰে মটক জনগোষ্ঠীয় ৰাইজে ৷ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ উদ্দেশ্য আগত ৰাখি পৰিষদত পৰিস্কাৰ-পৰিচ্ছন্নতাৰে কাম-কাজ সম্পন্ন কৰাৰ বাবে চৰকাৰক দাবী জনায় মটকসকলে ৷

matak-people-protest
মটক জনগোষ্ঠীয় ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে, তদানীন্তন মটক উন্নয়ন পৰিষদৰ একাংশ দুৰ্নীতিকাৰী সদস্যক প্ৰণোদিতভাৱে পৰিষদত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক কেন্দ্ৰ কৰি বিগত কেইদিনমানৰ পৰা সামাজিক মাধ্যমত চৰ্চা চলি আছে ৷ ইয়াৰ লেখীয়াকৈ চাবুৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

এই সন্দৰ্ভত চাবুৱাত মটক জনগোষ্ঠীৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ চৰকাৰৰ দিনত গঠন হোৱা মটক উন্নয়ন পৰিষদৰ কোনো সদস্যকে পৰিষদত অন্তৰ্ভুক্ত নকৰাৰ বাবে চৰকাৰক দাবী জনায় । ৰাইজৰ স্পষ্ট অভিযোগ অনুসৰি, কংগ্ৰেছ চৰকাৰৰ দিনত কোটি কোটি টকাৰ দুৰ্নীতি কৰি মটক জনগোষ্ঠীৰ বাবে অহা ধন আত্মসাৎ কৰাসকলক তদন্ত কৰি জেললৈ প্ৰেৰণ কৰাৰ বাহিৰে পুনৰ সেই লোকসকলক লৈ পৰিষদ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷

ইয়াৰ ফলত ৰাইজে পৰিষদ গঠন হোৱাৰ পূৰ্বেই পৰিষদখনৰ ওপৰত ৰাইজৰ আস্থা নাথাকিব বুলিও সকিয়াই দিয়ে ৷ আনহাতে, মটক জনগোষ্ঠীৰ দুই বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু বিনোদ হাজৰিকাকো সক্ৰিয় তথা শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : একেদিনাই ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.