ETV Bharat / state

Erosion in Dibrugarh: চাহ নগৰী ডিব্ৰুগড়লৈ চহৰলৈ অশনি সংকেত; সুৰক্ষা বান্ধৰ কাষ পালেহি খহনীয়া

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 9:53 PM IST

আজিও ডিব্ৰুগড়ৰ মোহনাঘাটত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৷ বিপদ নামিছে ডিব্ৰুগড় চহৰলৈ ৷ অসাৰ হ’ল মুখ্যমন্ত্ৰীৰ আশ্বাস আৰু নিৰ্দেশ ৷

Erosion in Dibrugarh
বিপদ ঘন্টা বাজিছে চাহ নগৰী ডিব্ৰুগড়লৈ চহৰলৈ

ডিব্ৰুগড়, 28 অক্টোবৰ : এফালে শুকাইছে সোণশিৰিৰ নদী আনফালে ডিব্ৰুগড়ত নৈপৰীয়া ৰাইজৰ শুকাইছে অণ্ঠ-কণ্ঠ ৷ কাৰণ যি কোনো মুহূৰ্ততে নৈৰ বুকত জাহ যাব পাৰে আপোন ঘৰখন ৷ বৰ্তমানো ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে ৷ ফলত দিনক দিনে বিপদ নামিছে ডিব্ৰুগড় চহৰলৈও ৷

আনহাতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই স্পৰ্শ কৰিলে ডিব্ৰুগড়ৰ চহৰৰ ৰক্ষা কৱছ স্বৰূপ সুৰক্ষা বান্ধ । ইতিমধ্যে ডিব্ৰুগড়ৰ মোহনাঘাটত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি । মোহনাঘাটত বিগত কেইবাদিনো ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকা শতাধিক পৰিয়ালক পুনৰ স্থানান্তৰিত কৰা হৈছে ।

ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় লোকে মাত্ৰ জি’অ বেগ পেলায়েই দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, যোৱা 16 আক্টোবৰত ডিব্ৰুগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এই খহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছিল ।

খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ লগতে ডিব্ৰুগড়ত হোৱা খহনীয়াৰ সমস্যা যাতে সমাধান কৰিব পাৰি তাৰ বাবে দুই এদিনতে জনসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীক পৰিদৰ্শনৰ কাৰণে পঠিওৱা হ'ব বুলিও কৈছিল ।

কিন্তু মুখ্যমন্ত্ৰীৰ এই আশ্বাস যেন ফুটুকাৰ ফেনত পৰিণত হ'ল । মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া 15 দিন পাৰ হ'ল ৷ আজি পৰ্যন্ত ডিব্ৰুগড়ৰ খহনীয়া পৰিদৰ্শন নকৰিলে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে । আনহাতে খহনীয়া প্ৰতিৰোধৰ কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

ফলত মোহনাঘাটত প্ৰতিদিনে চপৰা চপৰে গৰা ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈয়ে আছে ৷ খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডিব্ৰুগড় চহৰৰ মূল প্ৰতিৰক্ষা বান্ধ খহনীয়াত নিচিহ্ন হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে ৰাইজে ৷

লগতে পঢ়ক:Lok Sova Election 2024 : টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.