মৰাণ,24এপ্ৰিল: ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড সংক্ৰমিত ৰোগীৰ সংখ্যা । ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ডিব্ৰুগড় জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি জোন্টি গগৈৰ নেতৃত্বত খনিকৰ মণ্ডলৰ অন্তৰ্গত লেকাই থাকুৰথানত ৫ শতাধিক লোকক মাক্স বিতৰণ কৰা হয় । ইয়াৰ লগতে জোন্টি গগৈয়ে জনসাধাৰণক সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় ।
এই কাৰ্যসূচীত খনিকৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি মৃগাংক বৰুৱা, মেডিয়া কোষৰ আহ্বায়ক শ্যাম কানু গগৈয়ো উপস্থিত থাকে । জিলাখনৰ ১৪ টাকৈ মণ্ডলত মাস্ক বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি সভাপতি জোন্টি গগৈয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ৷
অন্য এক খবৰৰ বাবে: কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন