ETV Bharat / state

Clean Maran Green Maran: পঞ্চায়তৰ হাতলৈ যোৱাৰে পৰাই অধিক কদৰ্যময় হ'ল মৰাণ

author img

By

Published : Feb 11, 2023, 8:10 PM IST

ধোঁ‌ৱাচাঙত উঠিল ক্লীন মৰাণ-গ্ৰীণ মৰাণ শ্ল'গান । ক্ৰমাৎ কদৰ্যময় হৈ পৰিছে মৰাণ নগৰখন(Maran town has become dirty) । ইফালে লেচীৰ অতপালিত দিশহাৰা হৈ পৰিছে ব্যৱসায়ীসকল । শীঘ্ৰে মৰাণ নগৰখন পৰিস্কাৰ কৰাৰ দাবী স্থানীয় ব্যৱসায়ীৰ লগতে সাধাৰণ ৰাইজৰ ।

Maran town has become dirty
ধোঁ‌ৱাচাঙত উঠিল ক্লীন মৰাণ-গ্ৰীণ মৰাণ শ্ল'গান

পঞ্চায়তৰ হাতলৈ যোৱাৰে পৰাই অধিক কদৰ্যময় হ'ল মৰাণ

মৰাণ,১১ ফ্ৰেব্ৰুৱাৰী: উজনি অসমৰ এখন আগশাৰীৰ নগৰ হৈছে মৰাণ । চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমাত অৱস্থিত মৰাণ শিক্ষা, সাংস্কৃতিক আৰু বাণিজ্য যথেষ্ট আগবঢ়া । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মৰাণ নগৰৰ মাজেদি যোৱাত বাণিজ্য ক্ষেত্ৰখন প্ৰতিদিনে উন্নত হৈ গৈ আছে । কিন্তু মৰাণ নগৰৰ কদৰ্যময় অৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক । যেন ধোঁ‌ৱাচাঙত উঠিল ক্লীন মৰাণ-গ্ৰীণ মৰাণ শ্ল'গান । দ'ম দ'ম জাৱৰে কদৰ্যময় কৰি তুলিছে মৰাণ নগৰক(Maran town has become dirty) ।

জাৱৰ নিষ্কাষণৰ বাবে ব্যৱসায়ীসকলে দৈনিক কৰ দিয়াৰ পিচতো দুৰ্গন্ধত থাকিব নোৱৰা পৰিৱেশ সৃষ্টি হৈছে মৰাণ নগৰখনত । পদপথৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি দিখাৰী পঞ্চায়ত আৰু খোৱাং আঞ্চলিক পঞ্চায়তে নিয়োগ কৰা লেচীক মৰাণ নগৰৰ স্থায়ী পদপথৰ ব্যৱসায়ী সকলে দৈনিক ২০ টকাকৈ আৰু সাপ্তাহিক বজাৰৰ পাইকাৰী ব্যৱসায়ী সকলে ১০০ টকাৰ পৰা ১৫০ টকাকৈ কৰ আদায় দিয়ে(Lesi accused of collecting tax illegally) ।

কিন্তু তাৰ পিচতো জাৱৰসমূহ নিষ্কাষণ নকৰে বিভাগে(Alleged non-extraction of garbage in Maran town) । এক বৃহৎ অংকৰ ধন আহৰণৰ পিচতো মৰাণ নগৰ পৰিষ্কাৰ নোহোৱাত জাঙুৰ খাই উঠিছে ব্যৱসায়ীসকলৰ লগতে স্থানীয় ৰাইজ । ক্লীন মৰাণ-গ্ৰীন মৰাণ এতিয়া যেন ফ্লপ শ্ব'ত পৰিণত হৈছে(Flop show of Clean Moran Green Moran) । ইয়াৰ পূৰ্বে মৰাণ নগৰৰ জাৱৰ নিষ্কাষণৰ দায়িত্ব মৰাণ ব্যৱসায়ী সন্থাৰ হাতত আছিল । সেই মৰ্মে যথেষ্ট পৰিস্কাৰ ৰূপত দেখা গৈছিল মৰাণ নগৰ । কিন্তু ইয়াৰ দায়িত্ব পঞ্চায়তে নিজৰ হাতলৈ নিয়াৰ পিচতে কদৰ্যময় হৈ পৰিছে মৰাণ নগৰ । শীঘ্ৰে পৰিষ্কাৰ মৰাণ নগৰখন পৰিস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে ব্যৱসায়ী তথা সাধাৰণ ৰাইজে ।

উল্লেখ্য যে মৰাণ নগৰতে কেবিনেট মন্ত্ৰী যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ গৃহ । তেনেস্থলতো মৰাণ নগৰখন কদৰ্যময় হৈ পৰাত সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । আনহাতে মৰাণ নগৰ পৰিষ্কাৰ কৰাৰ নামত পঞ্চায়ত কৰ্তৃপক্ষই কৰ সংগ্ৰহ কৰিও নগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচত জিলা উপায়ুক্তৰ লগতে মন্ত্ৰী-বিধায়কে পঞ্চায়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ'ব ।

লগতে পঢ়ক: Ankur Surana Kidnapping Case: ঘটনাৰ মূল অভিযুক্ত প্ৰবাল কলিতাক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.