ETV Bharat / state

চাবুৱাত বুটমাহত বিষক্ৰিয়া ঘটি চিকিৎসাধীন বহু লোক

author img

By

Published : Oct 11, 2021, 1:37 PM IST

Updated : Oct 11, 2021, 2:14 PM IST

চাবুৱা মডেল হাস্পতালত হাহাকাৰ পৰিস্থিতি । হাস্পতালৰ প্ৰতিখন বিচনা ভৰি পৰিছে ৰোগীৰে । অসম চিকিৎসা মহাবিদ্যালয়তো ভৰ্তি কৰা হৈছে বহুকেইজন ৰোগী ৷ পৰিস্থিতি অধিক সংকটজনক হোৱাৰ সম্ভাৱনা । বৃদ্ধি পাই আছে আক্ৰান্ত ৰোগীৰ সংখ্যা ।

Many people hospitalized due to Food poisoning at Chabua
চাবুৱাত বিষক্ৰিয়া হৈ চিকিৎসাধীন কেইবাজন

মৰাণ, 11 অক্টোবৰ : চাবুৱাৰ দঙ্গৰচুক গাঁৱত দেওবাৰে মাংগলিক অনুষ্ঠানত মাহ প্ৰসাদ খাই প্ৰায় শতাধিক লোকৰ বিষক্ৰিয়া ঘটে ৷ বিষক্ৰিয়াত আক্ৰান্তসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি চাবুৱা মডেল হাস্পাতালত চিকিৎসাধীন হৈ আছে আক্ৰান্তসকল ৷

Many people hospitalized due to Food poisoning at Chabua
চাবুৱাত বুটমাহত বিষক্ৰিয়া ঘটি চিকিৎসাধীন বহু লোক

দঙ্গৰচুক গাঁৱত দেওবাৰে এজন ব্যক্তিৰ ঘৰত আয়োজন কৰা হৈছিল সকাম ৷ সকামত বিতৰণ কৰা মাহ প্ৰসাদ খাই বিষক্ৰিয়া ঘটে এইসকল লোকৰ ৷ সোমবাৰে পুৱাৰ পৰা পুনৰ বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা । ৰোগীসকল পেট বিষ, ডায়েৰীয়া আৰু বমিত আক্ৰান্ত হৈছে । বৰ্তমানেও আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ।

সমগ্ৰ গাঁওখনতে বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে মডেল হাস্পতালৰ উপৰি অসম চিকিৎসা মহাবিদ্যালয় আৰু আন আন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰোগীসকলক । সকাম খাবলৈ অহা অন্য অঞ্চলৰ লোকসকলো ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে ।

লগতে পঢ়ক : অবিশ্বাস্য : 60 বছৰে কৰ্পূৰ আৰু ধূপ কাঠিৰ ধোঁৱা খাই জীয়াই থকা এগৰাকী 75 বৰ্ষীয় মহিলা

Last Updated : Oct 11, 2021, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.